Breaking

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাৰ পিছতে কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা…

0 76

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাৰ পিছতে মঙলবাৰে পাকিস্তান দূৰসংযোগ কৰ্তৃপক্ষই সমগ্ৰ দেশতে মোবাইল ব্ৰডবেণ্ড সেৱা বন্ধ কৰি দিয়ে।

খবৰ অনুসৰি, অভ্যন্তৰীণ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি টেলিকমিউনিকেচন কৰ্তৃপক্ষই ইণ্টাৰনেট সেৱা স্থগিত ৰখাৰ কথা নিশ্চিত কৰিছে।

আল-কাদিৰ ট্ৰাষ্টৰ গোচৰত ইছলামবাগ উচ্চ ন্যায়ালয়ৰ চৌহদৰ পৰা খানক গ্ৰেপ্তাৰ কৰাৰ সময়তে মঙলবাৰে সমগ্ৰ দেশতে টুইটাৰ, ফেচবুক আৰু ইউটিউব নিষিদ্ধ কৰা বুলিও কেইটামান প্ৰতিবেদনত প্ৰকাশ পাইছে।

Leave A Reply