আকৌ কমিছে সোণৰ দাম!

আকৌ কমিছে সোণৰ দাম। বুধবাৰে মাল্টি কমোডিটী ইনডেক্সত ১০ গ্রাম সোণৰ দাম ০.০৯ শতাংশ হ্ৰাস পাই ৪৭,৬৪৫ টকা হৈছে। সোণৰ লগে লগে দাম কমিছে ৰূপৰো। বুধবাৰে ০.১১ শতাংশ কমি এক কিলোগ্রাম ৰূপৰ দাম হৈছে ৬১,০৩৫ টকা।

উল্লেখনীয় যে, মঙলবাৰে ১০ গ্রাম (২৪ কেৰেট) সোণৰ দাম ৪৮,৩০০ টকা আছিল। ডিচেম্বৰৰ শেষৰ ফালে সোণৰ দাম যথেষ্ট কমিছিল। ৩০ ডিচেম্বৰত প্রতি ১০ গ্রাম সোণৰ দাম আছিল ৪৬,৬৮৮ টকা। তাৰ পাছত বছৰৰ আৰম্ভণীতে সোণৰ দাম বৃদ্ধি পাইছিল। কিন্তু কভিড পৰিস্থিতিৰ বাবেই এতিয়া আন্তৰ্জাতিক বজাৰত এই মূল্য হ্ৰাস পাইছে বুলি ব্যৱসায়ী সকলে দাবী কৰিছে।

Related Articles