Breaking

আগছু ওদালগুৰি জিলা সমিতিৰ ৪১তম্ অধিবেশনৰ বিশাল আয়োজন

0 1,084

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ ৪১তম্ দ্বি-বাৰ্ষিক অধিবেশন এইবেলি ডিমাকুচী থানা অন্তৰ্গত বামুনজুলি আঞ্চলিক আগছুৰ তত্বাৱধানত ২নং সামৰাঙত অহা ৮ আৰু ৯ জানুৱাৰী ২০২২ত দুদিনীয়া বিশাল কাৰ্য্যসূচীৰ আয়োজনেৰে   সভা স্থলীৰ কাম প্ৰায় সম্পূৰ্ণ কৰি তুলিছে অভ্যৰ্থনা সমিতিয়ে। বিশাল সভাস্থলীৰ পেণ্ডেলকে ধৰি খাদ্য, প্ৰদৰ্শনী, চিকিৎসা সেৱা, অভ্যৰ্থনা, পানীযোগান, যাতায়াতকে ধৰি অন্যান্য সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে অভ্যৰ্থনা সমিতিৰ বিভিন্ন উপ সমিতি সমুহে।  কাৰ্য্যসূচীমতে অহা ৮ জানুৱাৰী ২০২২ শনিবাৰে  ৰাতিপুৱা ৭:০০ বজাত মাৰাথন দৌৰ প্ৰতিযোগিতা উদ্ঘাটন কৰিব ৩৭নং বেটেলিয়ন এছ এছ বি,সামৰাং বি ও পিৰ ইন্সপেক্টৰ আৰ ৰকেট সিঙে। তাৰ পিছতেই  সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰিব ওদালগুৰি জিলা সমিতিৰ সভাপতি সোমৰাজ সোনাৰে আৰু অন্য বাৰটা পতাকা উত্তোলন কৰিব আঞ্চলিক সমিতিৰ সভাপতি সকলে। ওদালগুৰি জিলা সমিতিৰ সাধাৰণ সম্পাদক সঞ্জীৱ খতিৱড়াই শ্বহীদ তৰ্পণ কৰাৰ পিছত অন্য বাৰটা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক সকলে বন্তি প্ৰজ্বলন কৰিব। ৰাতিপুৱা ১০:০০ বজাত প্ৰতিনিধি সভা উদ্ধোধন কৰিব অবিভক্ত দৰং জিলা সমিতি আগছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক দীপক নিৰোলাই। দিনৰ ২:০০ বজাত তাৰাবীৰ ছেত্ৰী আৰু লেখৰাজ ছেত্ৰীৰ পৰিচালনাত কুইজ প্ৰতিযোগিতা সম্পন্ন হ’ব। সন্ধিয়া ৫:০০ বজাত ভোলাটাৰ ভি চি ডি চিৰ অধ্যক্ষ ৰাজীৱ তামাঙে সাংস্কৃতিক সন্ধ্যা উদ্ধোধন কৰাৰ পিছত প্ৰথম দিনৰ সম্পূৰ্ণ কাৰ্য্যসূচীৰ যৱনিকা পৰিব।  

৯ জানুৱাৰী ২০২২ দেওবাৰে ৰাতিপুৱা ৮:০০ বজাত সমুহীয়া চাফাই অভিযান উদ্ধোধন কৰিব স্থানীয় সমাজসেৱক মহেন্দ্ৰ লিম্বু আৰু স্থানীয় লাটগাওঁবুড়া ডুকুনা নেৱাৰে। তাৰ পিছতেই বৃক্ষ ৰোপন কৰিব ক্ৰমে ২নং সামৰাঙৰ লাট গাওঁবুড়া ডম্বৰ বাহাদুৰ লিম্বু, নোনাইখাচৰ লাট গাওঁবুড়া গোলাপ বেহেৰা,ভোলাটাৰৰ লাট গাওঁবুড়া গোপাল পোখ্ৰেল, ২নং সামৰাঙৰ সমাজসেৱক কিশোৰ নেৱাৰ, বামুনজুলি ভি চি ডি চিৰ অধ্যক্ষ দৰ্পণ ছেত্ৰী, ভোলাটাৰ ভি চি ডি চিৰ প্ৰাক্তন অধ্যক্ষ ৰাজেন থাপা আৰু অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতিৰ সম্পাদক বিদুৰ দুলালে প্ৰকৃতি সুন্দৰ আৰু বিশুদ্ধ পৰিবেশ নিৰ্মানৰ কাৰণে বৃক্ষ ৰোপণ কৰিব।ৰাতিপুৱা ১১:০০ বজাৰ পৰা আৰম্ভ হবলগীয়া মুকলি সভাত সভাপতিত্ব কৰিব সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ সভাপতি সোমৰাজ সোনাৰে। উক্ত মুকলি সভা উদ্ধোধন কৰিব সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় সাধাৰণ সম্পাদক পুস্পধৰ শৰ্মাই। তাৰ পিছতেই অভ্যৰ্থনা সমিতিৰ সভাপতি ডিক বাহাদুৰ ছেত্ৰীয়ে আদৰণি ভাষণ আগবঢ়োৱাৰ পিছত ওদালগুৰি জিলা আগ্ছুৰ মুখপত্ৰ উন্মোচন কৰিব আগ্ ছু কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন উপ সভাপতি মাধৱ ছেত্ৰীয়ে। উক্ত মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকি বক্তব্য আগবঢ়াব সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি অৰ্জুন ছেত্ৰীয়ে আৰু নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকি সভা সম্বোধন কৰিব সদৌ অসম গোৰ্খা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক নুমল ছেত্ৰীয়ে।

সভাত বিশেষ সন্মাননীয় অতিথিৰূপে উপস্থিত থাকিব অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সন্মাননীয় অতিথিৰূপে উপস্থিত থাকিব মঙ্গলদৈ লোকসভাৰ সাংসদ দিলিপ শইকীয়া, অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহাল, ওদালগুৰি বিধানসভাৰ বিধায়ক গোবিন্দ বসুমতাৰী, মাজবাট বিধানসভাৰ বিধায়ক চৰণ বড়ো, বৰচলা বিধানসভাৰ বিধায়ক গণেশ কুমাৰ লিম্বু, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী, বি টি চিৰ কাৰ্য্যবাহী সদস্য সঞ্জীৎ তাতী, কাৰ্য্যবাহী সদস্য দাওবৈচা বড়ো, কাৰ্য্যবাহী সদস্য নিলোত স্বৰ্গীয়াৰী, পাৰ্ষদ দিপক মোৰ, পাৰ্ষদ সঞ্জয় স্বৰ্গীয়াৰী, পাৰ্ষদ ফ্ৰেচ মোচাহাৰী, পাৰ্ষদ অৰ্পনা মেধি, গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাং, অসম ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষ অশোক ভট্টৰাই, অসম ক্ষুদ্ৰ উদ্যোগ নিগমৰ অধ্যক্ষ কিশোৰ উপাধ্যায়, বি টি চিৰ মুখ্য কাৰ্য্যবাহীৰ অ,এচ ডি ৰাজু ঢকাল, বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব আগছূৰ কেন্দ্ৰীয় উপদেষ্টা বিৰেন্দ্ৰ চুব্বা, নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দিপেন বড়ো, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগ, সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি জয়ন্ত ভট্টাচাৰ্য্য, আক্ৰাচু বি টি আৰ ক্ষেত্ৰীয় সমিতিৰ সভাপতি সমীৰণ সিংহ, বাঙালী যুৱ ছাত্ৰ পৰিষদ বি টি চিৰ সাধাৰণ সম্পাদক সুভজিৎ সুত্ৰধৰ,  আগ্ছু কেন্দ্ৰীয় কাৰ্য্যকৰী সদস্য কুমাৰ কটূৱাল, ত্ৰিদেৱ বিষ্ট, আগ্ছু বি টি আৰ ক্ষেত্ৰীয় সমিতিৰ সভাপতি জন কুমাৰ চৌহান, উপ সভাপতি ৰোহিত কুমাৰ দাহাল, সহ সম্পাদক পুৰ্ণ বিষ্ট, আলোচনী সম্পাদক সুদৰ্শন ভূষাল, কাৰ্য্যকৰী সদস্য মাধৱ লুইটেল, প্ৰাণজীৎ প্ৰতীম শৰ্মা, অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয় উপ সভানেত্ৰী কল্পনা শৰ্মা, সাধাৰণ সম্পাদক লক্ষ্মী চেড়াই, বি টি আৰ ক্ষেত্ৰীয় সমিতি গোৰ্খা সন্মিলনৰ সভাপতি দিলু শৰ্মা, সদস্য ভীষ্ম উপাধ্যায়, কৃষ্ণ মিজাৰ, অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতিৰ সভাপতি পৱন লুইটেল, সাধাৰণ সম্পাদক পুৰ্ণকিৰাত ৰাই, অসম নেপালী সাহিত্য সভা ওদালগুৰি জিলা সমিতিৰ সভাপতি লক্ষ্মণ অধিকাৰী, সাধাৰণ সম্পাদক মোহন কুমাৰ ৰাউত,  অসম গোৰ্খা সন্মিলন ওদালগুৰি নাৰী মঞ্চৰ সভানেত্ৰী হীৰা মিশ্ৰকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি সভা সম্বোধন কৰিব।

অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক গোপাল ঢকালে শলাগৰ শৰাই আগবঢ়াব। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানেৰে সদৌ অসম গোৰ্খা ছাত্র সন্থাৰ ৪১তম্ দ্বি-বাৰ্ষিক অধিবেশন সমাপ্ত হ’ব।  অভ্যৰ্থনা সমিতিৰ সভাপতি ডিক বাহাদুৰ ছেত্ৰী,কাৰ্য্যকৰী সভাপতি  বিমল ছেত্ৰী,সাধাৰণ সম্পাদক গোপাল ঢকাল, আগ্ছু ওদালগুৰি জিলা সমিতিৰ সভাপতি সোমৰাজ সোনাৰ, সাধাৰণ সম্পাদক সঞ্জীৱ খতিৱড়াই ওদালগুৰিবাসী জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সম্পূৰ্ণ জনসাধাৰণক আগ্ছুৰ অধিবেশনত উপস্থিত থাকি অসমৰ বাৰেৰহনীয়া ঐক্যবদ্ধ প্ৰদৰ্শন কৰিবলৈ সংগঠটোবে এক প্ৰেছ বিবৃতি যোগে  আন্তৰিক আহ্বান জনাইছে।

Leave A Reply