Breaking

অগপৰ বটদ্ৰৱা সমষ্টিৰ সভানেত্ৰী মামনি বৰাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে খোদ অগপ কৰ্মীয়ে

0 1,045

নগাঁও : অগপৰ বটদ্ৰৱা সমষ্টিৰ সভানেত্ৰী মামনি বৰাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে একাংশ অগপ কৰ্মীয়ে। উল্লেখযোগ্য যে ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত অগপ কৰ্মী-সমৰ্থকৰ সহায়ত বটদ্ৰৱা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী আঙুৰলতা ডেকা বিজয়ী হৈছিল। শেহতীয়াকৈ সমষ্টিটোৰ অগপ শিৱিৰ বিসম্বাদত আক্ৰান্ত হোৱাৰ ফলত কংগ্ৰেছ আৰু বিজেপি শিৱিৰ লাভান্বিত হোৱাৰ সম্ভাৱনা প্ৰকটহৈ পৰিছে। অগপৰ একাংশ নেতা-কৰ্মীয়ে বটদ্ৰৱা সমষ্টিৰ অগপ নেত্ৰী তথা সমষ্টি সমিতিৰ সভানেত্ৰীৰ বিৰুদ্ধে মুকলিভাবেই ক্ষোভ উজাৰিছে। বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত জামগুৰি-কুজীডাঁহ আঞ্চলিক সমিতিৰ সভাপতি নবীন চন্দ্ৰ মেধিয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এখন পত্ৰত সমষ্টি সমিতিৰ সভানেত্ৰী মামনি বৰাৰ একনায়কত্ববাদত তেওঁলোক অতীষ্ঠ হৈ পৰা বুলি উল্লেখ কৰিছে। ইতিমধ্যে এই সম্পৰ্কত জামগুৰি-কুজীডাঁহ আঞ্চলিক সমিতিৰ সভাপতিজনে অগপৰ নগাঁও জিলা সমিতিৰ সভাপতি-সম্পাদকলৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত উল্লেখ থকা মতে বটদ্ৰৱা সমষ্টি সমিতিৰ সভানেত্ৰী গৰাকীয়ে নিজৰ ময়মতালি-খামখেয়ালি স্বভাৱৰে একনায়কত্ব দেখুৱাৰ বাবেই অগপৰ বহু কৰ্মীয়ে দল ত্যাগ কৰিছে নাইবা বহু সংখ্যক কৰ্মী নিস্ক্ৰীয়হৈ ঘৰত বহি আছে। অন্যহাতেদি বটদ্ৰৱা সমষ্টি সমিতিয়ে যোৱা ১২ জুলাইত জামগুৰি-কুজীডাঁহ-নমাটি আঞ্চলিক সমিতিখন জিলা সমিতিৰ অজ্ঞাতে আৰু জিলা সমিতিৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ ভংগ কৰি দিয়ে আৰু আহ্বায়ক সমিতি গঠন কৰি দিয়ে। এই কাৰ্যত আঞ্চলিক সমিতিয়ে আশ্চৰ্য প্ৰকাশ কৰি জিলা সমিতিক দাবী জনায়। অন্যথা আঞ্চলিক সমিতিৰ কাৰ্যনিৰ্বাহকৰ সদস্য সকলৰ লগতে ভাতৃ-ভগ্নী সংগঠনৰ আঞ্চলিক সমিতিৰ সদস্যসকলে পদবীৰ পৰা পদত্যাগ কৰি ভৱিষ্যতেও কোনো ধৰণৰ পদবীত নথকাৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জামগুৰি-কুজীডাঁহ-নমাটি আঞ্চলিক সমিতিখনৰ ভাৰপ্ৰাপ্ত সভাপতি নবীন চন্দ্ৰ মেধিয়ে জিলা সভাপতি-সম্পাদকলৈ প্ৰেৰণ কৰা পত্ৰখনত উল্লেখ আছে। তাৎপৰ্যপূৰ্ণ যে অগপৰ বটদ্ৰৱা সমষ্টি সমিতিৰ বৰ্তমানৰ সভানেত্ৰী মামনি বৰাই ২০০৫ চন আৰু ২০১১ চনত বটদ্ৰবা বিধানসভা সমষ্টিৰ পৰা অগপৰ টিকটত প্ৰতিদ্বন্দিতা কৰিছিল যদিও পৰাজিত হৈছিল। ২০১৬ চনত সমষ্টিটোত অগপ-বিজেপিয়ে যৌথভাবে প্ৰতিদ্বন্দিতা কৰিছিল আৰু বিজয়ী হৈছিল বিজেপি প্ৰাৰ্থী আঙুৰলতা ডেকা। পুনৰ ২০২১ চনৰ বিধান সভা নিৰ্বাচনত অগপনেত্ৰী মামনি বৰাই অগপৰ দলীয় টিকতত প্ৰতিদ্বন্দিতা কৰাৰ সপোন দেখি কুচকাৱাজ আৰম্ভ কৰিছে। মামনি বৰাৰ অনুগত সকলৰ মতে বটদ্ৰৱা বিধান সভা সমষ্টিত বৰ্তমান বিধায়িকা আঙুৰলতা ডেকাৰ স্থিতি শক্তিশালী নহয়। সমষ্টিটোৰ পৰা বিজেপি দলৰ টিকটত আঙুৰলতা ডেকাই প্ৰতিদ্বন্দিতা কৰিলে বিজয়ী হোৱাৰ সম্ভাৱনা কম বুলিও অগপ শিৱিৰে কব বিচাৰে। সেয়ে ২০২১ চনৰ বিধান সভা নিৰ্বাচনত অগপ-বিজেপিৰ মিত্ৰতাৰ সূত্ৰে সমষ্টিটোৰ পৰা অগপ প্ৰাৰ্থীয়েহে প্ৰতিদ্বন্দিতা কৰিব বুলি আশা কৰিছে তেওঁলোকে। সেইবাবেই বটদ্ৰৱা সমষ্টিৰ পৰা বহু কেইজনে অগপ দলৰহৈ প্ৰাৰ্থিত্ব বিচাৰিব। সেয়ে অগপৰ ভিতৰ চ’ৰাত আৰম্ভ হৈছে বিসম্বাদ।ঐতিহ্য মণ্ডিত বটদ্ৰৱা সমষ্টিৰ অগপৰ ভিতৰ চ’ৰাত আৰম্ভ হোৱা বিসম্বাদৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিব কংগ্ৰেছ আৰু বিজেপি শিবিৰে।যোৱা চাৰিটা বছৰত বটদ্ৰৱা সমষ্টিটো বিজেপি বিধায়িকা আঙুৰলতাৰ দখলত থকাৰ পৰিপ্ৰেক্ষিতত বহু অগপ কৰ্মী বিজেপিলৈ ঢাপলি মেলিছিল। হতাশাগ্ৰস্ত আন একাংশ অগপ কৰ্মী কংগ্ৰেছলৈ ঢাপলি মেলিছিল। এনেক্ষেত্ৰত অগপ শিবিৰত পুনৰ বিসম্বাদ হোৱাত কংগ্ৰেছ-বিজেপিয়েই লাভান্বিত হ’ব।

Leave A Reply