Breaking

আগ্ছুৰ ৪১তম্ দ্বি-বাৰ্ষিক অধিবেশন

0 1,033

সদৌ অসম গোৰ্খা ছাত্র সন্থা ওদালগুৰি জিলা সমিতিৰ ৪১তম্ দ্বি-বাৰ্ষিক অধিবেশন ডিমাকুচী থানা অন্তৰ্গত বামুনজুলিৰ ২ নং চামৰাঙত দুদিনীয়া কাৰ্য্যসূচীৰে সম্পন্ন হয়।  ৮ জানুৱাৰী ২০২১ শনিবাৰে ৰাতিপুৱা মাৰাথন দৌৰেৰে আৰম্ভ হোৱা কাৰ্য্যসূচীত  আগ্ছূৰ পতাকা উত্তোলন কৰে ওদালগুৰি জিলা সমিতিৰ সভাপতি সোঢ়ৰাজ সোনাৰে আৰু শ্বহীদ তৰ্পণ কৰে সাধাৰণ সম্পাদক সঞ্জীৱ খতিওড়াই। অভ্যৰ্থনা সমিতিৰ কাৰ্য্যকৰী সভাপতি বিমল ছেত্ৰীয়ে প্ৰতিনিধি সভাকক্ষ উদ্ঘাটন কৰাৰ পিছত সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান সম্পন্ন হয়।  ৯ জানুৱাৰী ২০২২ দেওবাৰে দুপৰীয়া ১২:০০ বজাৰ পৰা আগ্ছূ ওদালগুৰি জিলা সমিতিৰ সভাপতি সোমৰাজ সোনাৰে  সভাপতিত্ব কৰা মুকলিসভা উদ্ধোধন কৰে অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতিৰ  সাধাৰণ সম্পাদক পুৰ্ণকিৰাত ৰাইয়ে। আদৰনী সমিতিৰ সভাপতি ডিক বাহাদুৰ ছেত্ৰীয়ে আদৰনী ভাষণ ৰখাৰ পিছত অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয়  সমিতিৰ উপ সভাপতি তথা বি টি চি সদনৰ মনোনীত সদস্য মাধৱ ছেত্ৰীয়ে আগ্ছু ওদালগুৰি জিলা সমিতিৰ মুখপত্ৰ “প্ৰভাত” উন্মোচন কৰে।

আগ্ছু কেন্দ্ৰীয় সমিতিৰ সভাপতি অৰ্জুন ছেত্ৰী মুখ্য অতিথিৰূপে উপস্থিত থাকি বক্তব্য আগবড়োৱাৰ লগতে আগ্ছু কেন্দ্ৰীয় সাধাৰণ সম্পাদক নুমল ছেত্ৰীয়েও নিৰ্দিষ্ট ভাষণ আগবঢ়ায়। সভাত মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলিপ শইকীয়া, ওদালগুৰি বিধান সভাৰ বিধায়ক গোবিন্দ বছুমতাৰী, গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাং আদিয়েও আগ্ছুৰ মুকলি সভাত ভাষণ আগবঢ়ায়। বি টি চি সদনৰ কাৰ্য্যকৰী সদস্য  সঞ্জীত তাঁতী, বি টি চি প্ৰমুখৰ ও এচ ডি ৰাজু ঢকাল,আগ্ছু কেন্দ্ৰীয় উপদেষ্টা বিৰেন্দ্ৰ চুব্বা, কাৰ্য্যকৰী সদস্য কুমাৰ কটুৱাল, দুৰ্গা বস্নেত, ত্ৰিদেৱ বিষ্ট, আগ্ছু বি টি আৰ ক্ষেত্ৰীয় সমিতিৰ সভিপতি জন কুমাৰ চৌহান, উপসভাপতি ৰোহিত কুমাৰ দাহাল, সহ সম্পাদক পুৰ্ণ বিষ্ট, মুখপত্ৰ সম্পাদক সুদৰ্শন ভূষাল, অসম গোৰ্খা সন্মিলন বি টি আৰ ক্ষেত্ৰীয় সমিতিৰ সভাপতি দিলু শৰ্মা, কেন্দ্ৰীয় সদস্য ভীষ্ম উপাধ্যায়, অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতিৰ সভাপতি পৱন লুইটেল, অসম নেপালী সাহিত্য সভা ওদালগুৰি জিলা সমিতিৰ সভাপতি লক্ষ্মণ অধিকাৰী, সাধাৰণ সম্পাদক মোহন কুমাৰ ৰাউত, নিখিল বড়ো ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, সদৌ অসম ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতিৰ সভাপতি, সম্পাদক উপস্থিত থাকে। আগ্ছু ওদালগুৰি জিলা সমিতিৰ প্ৰতিনিধি সভাত ৰাম ছেত্ৰীক সভাপতি আৰু গোপাল ঢকাল সাধাৰণ সম্পাদকৰূপে নিৰ্বাচিত হয়‌। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানেৰে কাৰ্য্যসূচীৰ যৱনিকা পৰে।

Leave A Reply