Breaking

নাজিৰা মহকুমাত ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া তীব্রতৰ কৰি তোলাৰ লক্ষ্য : মহকুমাধিপতিৰ সভাকক্ষত বৈঠক

0 1,019

ৰাজ্য চৰকাৰৰ নিৰ্দেশনা মৰ্মে নাজিৰা প্ৰশাসনে মহকুমা খনত ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া তীব্রতৰ কৰি তোলাৰ এক পৰিকল্পনা গ্ৰহণ কৰিছে। এই অভিযানৰ অংশস্বৰূপে মহকুমা খনৰ চাহ বাগিচা সমূহতো ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া তীব্রতৰ কৰি তোলা হ’ব। এই সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰাৰ উদ্দেশ্যে আজি নাজিৰা মহকুমাৰ মহকুমাধিপতিৰ সভাকক্ষত স্থানীয় বিধায়ক তথা বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ সভাপতিত্বত আৰু  মহকুমাধিপতি সব্যসাচী কাশ্যপৰ অধ্যক্ষতাত মহকুমা খনৰ চাহ বাগিচা সমূহৰ কৰ্তৃপক্ষৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিধায়ক গৰাকীয়ে কয় যে, ক’ভিড-১৯ -ৰ বৰ্দ্ধিত সংক্ৰমণ ৰোধৰ বাবে মহকুমাখনৰ বাকী অঞ্চলৰ সমান্তৰালকৈ চাহ বাগিচা এলেকা সমূহতো ক’ভিডৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া তীব্রতৰ কৰি তুলিব লাগিব। এই লক্ষ্যত সফল হ’বলৈ তেওঁ বাগিচা কৰ্তৃপক্ষৰ লগতে শ্ৰমিক সংগঠন সমূহক পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। তেওঁ এই প্ৰক্ৰিয়াত প্ৰতিষেধকৰ শূণ্য অপচয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে অতিৰিক্ত টিকাকৰণ কেন্দ্ৰ স্থাপনৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগক ব্যৱস্থা গ্ৰহনৰ বাবে আহ্বান জনায়। তেওঁ চাহ বাগিচা এলেকাৰ লোক সকলক প্ৰতিষেধক লোৱাৰ বাবে আগ্ৰহী কৰি তোলাৰ লগতে তেওঁলোকৰ মনত থকা ভয়-ভ্ৰান্তি-সংশয় আদি আঁতৰাবলৈ ব্যাপক সজাগতা বৃদ্ধিৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। উক্ত বৈঠকত, মহকুমাধিপতি সব্যসাচী কাশ্যপে চাহ বাগিচাৰ যিসকল কৰ্মচাৰীয়ে ইতিমধ্যে প্ৰতিষেধক লাভ কৰিছে, তেওঁলোকৰ সহায়ত বাগিচাৰ আৱাসী সকলক প্ৰতিষেধক লোৱাৰ বাবে আগ্ৰহী কৰি তোলাৰ পোষকতা কৰে। লগতে তেওঁ প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু স্বাস্থ্য সেৱাৰ লগত জড়িত ব্যক্তি সকলৰ বিষয়ে উল্লেখ কৰে। আজিৰ বৈঠকত কাৰ্যবাহী দণ্ডাধীশসকল, স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে মহকুমাটিৰ অন্তৰ্গত চাহ বাগানসমূহৰ কৰ্তৃপক্ষসকল উপস্থিত থাকে। 

Leave A Reply