Breaking

এয়াৰ ইণ্ডিয়াৰ বোয়িং ৭৭৭ বিমানৰ বাবে আন দেশৰ পাইলট নিয়োগ কৰাৰ পৰিকল্পনা…

0 49

টাটা গ্ৰুপৰ মালিকানাধীন এয়াৰলাইনছে বিদেশৰ পৰা পাইলট নিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। এয়াৰ ইণ্ডিয়াৰ বোয়িং ৭৭৭ বিমানৰ বাবে আন দেশৰ পাইলট নিয়োগ কৰাৰ পৰিকল্পনা কৰিছে।প্ৰাপ্ত তথ্য অনুসৰি, টাটা গোটে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ বিমান সেৱা সম্প্ৰসাৰিত কৰাৰ কথা চিন্তা কৰিছে। কিন্তু এই মুহূৰ্তত তেওঁলোকৰ ওচৰত থকা পাইলটসকল পৰ্যাপ্ত নহয় আৰু সেইকাৰণে আৰম্ভ হ’ব পৰে এই নিযুক্তি প্ৰক্ৰিয়া ।

\

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সেৱা বৃদ্ধি কৰাৰ লক্ষ্যৰে বিদেশৰ পৰা চালক নিয়োগ কৰাৰ পৰিকল্পনা কৰা হৈছে বুলিও সূত্ৰসমূহে কয় এয়াৰ ইণ্ডিয়াৰ এটা সূত্ৰই জনাইছে যে কোম্পানীটোত ইতিমধ্যে পাইলটৰ অভাৱ আছিল।

অহা চাৰি মাহত পাঁচখন বোয়িং-৭৭৭ বিমান পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰাৰ পাছত আৰু আমেৰিকাত নতুন সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত বাহিৰৰ পৰা পাইলট নিয়োগৰ সিদ্ধান্ত লোৱা হয় ।

সূত্ৰ অনুসৰি, এয়াৰ ইণ্ডিয়াই বিদেশৰ পৰা মুঠ ১০০ জন পাইলট নিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, এয়াৰ ইণ্ডিয়াই ইতিমধ্যে পাইলট যোগান ধৰা বিভিন্ন বিদেশী কোম্পানীৰ স’তে যোগাযোগ কৰা আৰম্ভ কৰিছে। সাত বছৰ ধৰি চৰকাৰৰ মালিকানাধীন এয়াৰ ইণ্ডিয়াই ব্যয় বচাবলৈ আন দেশৰ পাইলট

বন্ধ কৰি দিছিল । বিমান সংস্থাটোৱেও লোকচানৰ সন্মুখীন হ’ব লগা হয়। অৱশ্যে, টাটা গোটে জানুৱাৰী ২০২২-ত এয়াৰলাইনৰ মালিকীস্বত্ব লোৱাৰ পাছত, এয়াৰলাইনটোৱে পুনৰ লাভ মুখ দেখা আৰম্ভ কৰিছে।

প্ৰসংগত, বিদেশী পাইলটসকলৰ দৰমহা এই দেশৰ পাইলটতকৈ অধিক। এয়াৰ ইণ্ডিয়াই প্ৰায় ১০০ জন বিদেশী পাইলটক নিয়োগ কৰিবলৈ এক বৃহৎ মাহিলী পৰিমাণৰ ধন পৰিশোধ কৰিব লাগিব। এই পৰিস্থিতিত, প্ৰশ্ন উত্থাপিত হয়, এই এয়াৰলাইনটোৱে বিমান টিকটৰ মূল্যও বৃদ্ধি কৰিব নেকি ?

শনিবাৰে, এয়াৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালনা সঞ্চালক কেম্পবেল উইলচনে লগতে কয় যে এয়াৰ ইণ্ডিয়াই শ্বেয়াৰ বজাৰত ইয়াৰ শ্বেয়াৰৰ মূল্য কমেও ৩০ শতাংশ বৃদ্ধি কৰিব।

Leave A Reply