Breaking

ষ্টকহোমত আৱদ্ধ যাত্ৰীক ভাৰতলৈ ওভতাই আনিবলৈ খালী বিমান প্ৰেৰণ কৰিলে এয়াৰ ইণ্ডিয়াই

0 47

ষ্টকহোমত আৱদ্ধ যাত্ৰীক ভাৰতলৈ ওভতাই আনিবলৈ খালী বিমান প্ৰেৰণ কৰিলে এয়াৰ ইণ্ডিয়াই ! বিমানৰ জৰুৰী অৱতৰণৰ বাবে বহু যাত্ৰী এতিয়া আবদ্ধ হৈ পৰিছে ষ্টকহোমত। ষ্টকহোমত আৱদ্ধ যাত্ৰীক ভাৰতলৈ ওভতাই আনিবলৈ খালী বিমান প্ৰেৰণ কৰিলে এয়াৰ ইণ্ডিয়াই। এয়াৰ ইণ্ডিয়াই দিল্লী-নেৱাৰ্ক বিমানযাত্ৰীসকলক ষ্টকহোমত আৱদ্ধ কৰি ঘূৰাই আনিবলৈ খালী বিমান প্ৰেৰণ কৰাৰ কথা আজি ঘোষণা কৰিছে। উল্লেখ্য ২২ ফেব্ৰুৱাৰীত এয়াৰ ইণ্ডিয়াৰ নেৱাৰ্কৰ পৰা দিল্লীলৈ অহা এখন বিমান চুইডেনৰ ষ্টকহোমলৈ নিয়া হৈছিল। বোয়িং ৭৭৭-৩০০ইআৰ বিমান খনৰ তেল লিক হোৱাৰ পিছতে ষ্টহোমত বিমান খনৰ জৰুৰী অৱতৰণ কৰো হৈছিল। ডিজিচিএৰ শীৰ্ষ বিষয়াৰ মতে, ইঞ্জিন ফ্লাইট এএআই১০৬ -ত ২৮৪ গৰাকী যাত্ৰী আৰু আঠজন ক্ৰু সদস্য আছিল।

জৰুৰী অৱতৰণৰ পিছত তেওঁলোক এতিয়াও ষ্টকহোমতে আবদ্ধ হৈ আছে। এয়াৰ ইণ্ডিয়াই মুম্বাইৰ পৰা চুইডেনলৈ এখন খালী বিমান প্ৰেৰণ কৰি আৱদ্ধ যাত্ৰীসকলক ঘূৰাই আনিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। বৃহস্পতিবাৰে দুপৰীয়া ২ বজাত মুম্বাইৰ পৰা ষ্টকহোমলৈ বি ৭৭৭ বিমান খনে উৰা মাৰে আৰু নিশা ১১ বজাত ষ্টকহোমত উপস্থিত হয়। বিমান যাত্ৰীসকলে শুক্ৰবাৰে পুৱতি নিশা ১ বজাত ষ্টহোমৰ পৰা ভাৰতলৈ উৰা মৰাৰ কথা । পৰিকল্পনা অনুসৰি পুৱা ৮ বজাত যাত্ৰীসকলে দিল্লীত উপস্থিত হ’ব। এয়াৰ ইণ্ডিয়াই সকলো যাত্ৰীৰ বাবে হোটেলত থকাৰ ব্যৱস্থা কৰি দিছে।

Leave A Reply