Breaking

মাৰ্ঘেৰিটাৰ সংৰক্ষিত বনাঞ্চলত চলি থকা অবৈধ কয়লা খনন স্থানলৈ যাবলৈ চৰকাৰৰ অনুমতি বিচাৰিছে অজাপ‌ই…

0 146

মাৰ্ঘেৰিটা মহকুমাৰ সংৰক্ষিত বনাঞ্চলত চলি থকা অবৈধ কয়লা খনন আৰু বনাঞ্চল ধংস কৰা স্থানসমূহলৈ যাবৰ বাবে ২৭ ডিচেম্বৰত জিলা প্ৰশাসনক অনুমতিৰ বাবে আবেদন আবেদন কৰা হৈছিল। আজি পুনৰ প্ৰশাসনক এখন পত্ৰ প্ৰদান কৰা হৈছে ৷

অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি এই সন্দৰ্ভত কয়, “আমি বুজি পোৱা নাই,আমাক ভিতৰলৈ যাবলৈ কিয় অনুমতি নিদিয়ে ? যদি উক্ত স্থান সমূহত একো অবৈধ কাম চলি থকা নাই,

আমাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি আমাক যাবলৈ অনুমতি দিব লাগে আৰু যদি চলি আছে চৰকাৰে কিয় বন্ধ নকৰে ? এই অবৈধ বেপাৰত চৰকাৰ জড়িত নেকি ? যদি চৰকাৰ জড়িত নাই,আমাক নিশ্চয় অনুমতি দিব। “

Leave A Reply