Breaking

নাজিৰা চণ্টক বৰমিছিং গাঁৱৰ যুৱতী আজ্ঞীনা বেগম সন্ধানহীন ।

0 556

দিলীপ হাজৰিকা :

নাজিৰা মহকুমাৰ বিহুবৰ আৰক্ষী থানাৰ অন্তৰ্গত চণ্টক বৰমিছিং গাঁৱৰ ৩৭ বছৰীয়া এগৰাকী যুৱতী যোৱা ৬ জুনৰ পৰা সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, আজ্ঞীনা বেগম ওৰফে মামুনীয়ে যোৱা ৬ জুনৰ দিনা বিয়লি ভাগত নিজা ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা বৰ্তমানলৈকে কোনো সম্ভেদ পোৱা নাই। যুৱতীগৰাকীৰ একমাত্ৰ ককায়েক গুল্লু আলীয়ে এই সন্দৰ্ভত বিহুবৰ আৰক্ষী থানাত দিয়া এজাহাৰ মতে,  যুৱতীগৰাকী ঘৰৰ পৰা ওলাই যোৱাৰ দিনা সন্ধিয়াৰ পৰা তেওঁলোকৰ পৰিয়ালৰ আন আন লোকৰ সৈতে বিচাৰ-সুচাৰ কৰি কোনো সম্ভেদ নোপোৱাত কম পৰিমাণে মানসিক ৰোগত ভোগী থকা একমাত্ৰ ভনীয়েকৰ সন্ধান লাভৰ বাবে আৰক্ষীৰ কাষ চাপে। বিহুবৰ আৰক্ষীয়েও বৰ্তমানলৈকে যুৱতীগৰাকীৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। কোনো সদাশয় লোকে যুৱতীগৰাকীৰ সম্ভেদ পালে ততালিকে স্থানীয় আৰক্ষী থানা নাইবা ভ্ৰাম্যভাষ ৮৮৭৬৩১৪৬২০ অথবা ৮৭৩৮৭০১৯৭৩ নম্বৰত ফোন কৰি জনাবৰ বাবে সন্ধানহীন আজ্ঞীনা বেগমৰ ককায়েক গুল্লু আলীয়ে কাটৰে অনুৰোধ জনাইছে। 

Leave A Reply