Breaking

ধনৰ অভাৱত চিকিৎসা কৰিব পৰা নাই আজমলৰ! দিশহাৰা হৈ পৰিছে আজমলৰ পৰিয়াল

0 70

সোণতলীৰ এটা পৰিয়ালৰ কৰুণ জীৱন গাথা
অৰ্থৰ অভাৱত চিকিৎসা কৰিব পৰা নাই আজমলৰ পৰিয়ালটোত নামি আহিছে ঘোৰ অমানিশা
বকো সমষ্টিৰ সোনতলী চৌধুৰী পাম গাওঁৰ ৪২ বছৰীয়া আজমল হক জটিল ৰোগত আক্ৰান্ত হৈ দুই বছৰ ধৰি মুমূৰ্ষু অৱস্থাত পৰি আছে বিছনাত
দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা আজমল চিকিৎসা কৰি সৰ্বস্বান্ত হৈ পৰিছে, টকাৰ অভাৱত কৰিব পৰা নাই উন্নত চিকিৎসা।
সাতজনীয়া পৰিয়ালটো কেতিয়াবা এসাঁজ খাই কেতিয়াবা এসাঁজ নাখায় দিন পাৰ কৰিবলগীয়া হৈছে
আপোনাৰ অকনমান সহায়ে আজমলে ঘুৰাই পাব পাৰে স্বাভাৱিক জীৱন।

চৰকাৰ, স্থানীয় বিধায়িকা নন্দিতা দাস তথা ৰাইজৰ ওচৰত আজমলে বিচাৰিলে সহায় ভিক্ষা, যদি কোনো হৃদয়বান ব্যক্তিয়ে আজমলক সহায় কৰিব বিচাৰে তেন্তে আমজলৰ Fino বেংকৰ IFSC Code FINO0000001, Account Number- 20039869256 ত সহায় কৰিব পাৰে নাইবা পৰিয়ালটোৰ 6002453742 মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰে।

Leave A Reply