Breaking

বিজেপি পুনৰ ক্ষমতালৈ আহিলে মুছলমান মা-ভনীক ঘৰৰ পৰা লৈ গৈ ধৰ্ষণ কৰা হ’বঃ আজমলৰ বিতৰ্কিত সাম্প্ৰদায়িক মন্তব্য

0 43

দৈনন্দিন বাৰ্তাৰ সেৱা, শিলচৰ, ৭ নৱেম্বৰঃ সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমষ্টিয়ে-সমষ্টিয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ উদেশ্যে প্ৰতিটো ৰাজনৈতিক দলে ব্যাপক তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। অহা নিৰ্বাচনত বিজেপি ক্ষমতাত আহিলে মুছলমান মা-ভনীক ঘৰৰ পৰা উঠাই লৈ গৈ ধৰ্ষণ কৰা হ’ব৷

শুকুৰবাৰে শিলচৰৰ ৰাজীৱ ভৱনত এআইইউডিএফৰ এখন কৰ্মী সভাত এনে এক ভয়ংকৰ বিতৰ্কিত সাম্প্ৰদায়িক মন্তব্য কৰিছে এআইইউডিএফৰ প্ৰধান তথা সাংসদ মৌলানা বদৰুদ্দিন আজমলে৷

বদৰুদ্দিন আজমলে লগতে কয় যে, যি বিজেপি দলে বাবৰি মছজিদ ভাঙি ৰাম মন্দিৰ বনাইছে সেই বিজেপিক মুছলমান সকলে ভোট দিয়ে৷ যি বিজেপিয়ে তিনি তালাকক উপলুঙা কৰিছে সেই বিজেপিক অলপ টকাৰ বিনিময়ত মুছলমান সকলে ভোট দিয়ে আৰু এইবাৰ যদি মুছলমান সকলে বিজেপিক ভোট দিয়ে তেনেহলে মুছলমান মা-ভনীক ঘৰৰ পৰা উঠাই লৈ গৈ ধৰ্ষণ কৰিব বিজেপি নেতা-কৰ্মীয়ে৷

যাৰ বাবে তেওঁ মুছলমান সকলক সতৰ্ক কৰি কয় যে, অহা নিৰ্বাচনত যাতে তেওঁলোকে টকাৰ লোভত বিজেপিক যাতে ভোট নিদিয়ে৷ এআইইউডিএফৰ সমৰ্থকে বদৰুদ্দিন আজমলৰ শিলচৰত উপস্থিতি হোৱাৰ সময়তে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে সমাগত বিধানসভা নিৰ্বাচনত মুছলমান সকলক বিজেপিত ভোট নি দিয়াৰ আহ্বান জনায় আজমলে বিতৰ্কিত সাম্প্ৰদায়িক মন্তব্য কৰা দেখা গৈছে৷

আনহাতে মৌলানা বদৰুদ্দিন আজমলে তৰুণ গগৈৰ অসুস্থতাক লৈয়ো পুনৰ সুস্থ হৈ উঠিবলৈ সকলোকে দোৱা-প্ৰাৰ্থনা কৰিবলৈ শিচলৰৰ কৰ্মী সভাত সকলোকে অনুৰোধ জনায়।

Leave A Reply