Breaking

নামতিত অগপৰ বিশাল নিৰ্বাচনী সভা : কংগ্ৰেছ ত্যাগ কৰি ১৭৬ পৰিয়াল অগপত যোগদান

0 1,294

গেলেকী : ২০২১ বৰ্ষৰ বিধান সভা নিৰ্বাচন আগত লৈ অসমৰ প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে। সমান্তৰালভাৱে আজি ১০৩নং আমগুৰি বিধানসভা সমষ্টিটো অসম গণ পৰিষদ দলে এক বিশাল সমদলেৰে নিৰ্বাচনী ৰণডঙ্কা বজায়। ৰাজনৈতিক দলটোৰ দলীয় কৰ্মীসকলে সমষ্টিটোৰ বিধায়ক প্ৰদীপ হাজৰিকাক আমগুৰিৰ পৰা বৃহৎ মটৰ চাইকেল ৰেলীৰে আদৰি আনি নামতি চাৰিআলিত উস্ম আদৰণি জনায়। বিধায়কগৰাকীক দলীয় কৰ্মীসকলে পুনৰ নামতি চাৰিআলি হাইস্কুল খেলপথাৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাখনলৈ পদব্ৰজে প্ৰায় ৫০০ মিটাৰ লৈ আনে। অগপ দলৰ বৰুৱা পুখুৰী আঞ্চলিক সমিতিৰ সভাপতি মুক্তি চুতিয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখনত প্ৰৱীণ অগপ নেতা বিপুল বৰকটকী, যুৱনেতা সুদৰ্শন হাজৰিকা, ইমদাদ হুছেইন, প্ৰভাত হাজৰিকা, ম’ৰাবজাৰ জিলা পৰিষদৰ সদস্য সুমিত্ৰ তামুলীকে প্ৰমুখ্যে বহু নেতা কৰ্মী উপস্থিত থাকে। এই সভাতে বৰুৱা পুখুৰী পঞ্চায়তৰ অন্তৰ্গত ১৭৬টাকৈ পৰিয়ালে কংগ্ৰেছ দল ত্যাগ কৰি অগপ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ অগপত যোগদান কৰে। যোগদান কৰা প্ৰতিটো পৰিয়ালৰ জ্যেষ্ঠ ব্যক্তিক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। উক্ত সভাত বিধায়ক প্ৰদীপ হাজৰিকাই আমগুৰিত অগপৰ ভেটি অধিক শক্তিশালী বুলি মন্তব্য কৰাৰ লগতে সমষ্টিটোত কৰা উন্নয়নৰ কৰ্মৰাজীকে মূল শক্তি হিচাপে লৈ নিৰ্বাচনী যুঁজত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ হুংকাৰ দিয়ে। আনহাতে ২০২১ৰ ৰণত এই সমষ্টিত নিশ্চিত বিজয়ৰ যাত্ৰাত বীৰ যোদ্ধা হিচাবে অংশীদাৰ হ’বলৈ অহা প্ৰতিগৰাকী নৱাগত সদস্যকে দললৈ উষ্ম আদৰণি জনায়।

Leave A Reply