Breaking

বিটিচিত কোচ ৰাজবংশীৰ লোকক প্ৰাৰ্থীত্ব দিয়া দলক সমৰ্থন জনাব আক্ৰাছুৱে ।

0 1,160

মঙলদৈ : বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সদৌ কোচ ৰাজবংশী ছাত্র সন্থা চমুকৈ আক্ৰাছুৰ তৎপৰতা বৃদ্ধি পাইছে। আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিয়ে আজি মঙলদৈ চিলাৰায় ভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰি বিটিচি নিৰ্বাচনত যি দলে কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰিব সেই দলকেই তেওঁলোকে সমৰ্থন দিব বুলি মত প্ৰকাশ কৰে। সংবাদমেলত উপস্থিত থাকি আক্ৰাছুৰ মুখ্য উপদেষ্টা হিতেশ্বৰ বৰ্মন, সভাপতি কৰমেশ্বৰ ৰায়, যুটীয়া সাধাৰণ সম্পাদক দিব্যজ্যোতি কুমাৰ ডেকা আৰু জীৱেশ ৰায়, সহকাৰী সম্পাদক কংকণ ৰায় আদিয়ে কয় যে কেন্দ্ৰ আৰু ৰাজ্যৰ শাসনৰ দায়িত্বত থকা বি জে পি নেতৃত্বাধীন চৰকাৰ দুখনে ছয় জনগোষ্ঠীক জনজাতী কৰণৰ নামত আভুৱা ভৰাই আহিছে। খলঞ্জীয়া ভূমিপুত্ৰ সকলক সুৰক্ষা দিব বুলি কৈছিল যদিও আজিলৈকে তেওঁলোকে প্ৰতিশ্ৰুতি পালন নকৰিলে। তেওঁলোকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক প্ৰত্যাহ্বান জনাই কোচ ৰাজবংশী লোকসকলৰ প্ৰতি চৰকাৰৰ যদি দৰদ আছে তেন্তে সোনকালে আনুষ্ঠানিক ভাবে আগবাঢ়িব লাগে। অন্যথা ২০২১ ৰ বিধানসভা নিৰ্বাচনত কোচ ৰাজবংশী লোকসকল একত্ৰিত হৈ ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলিও হুংকাৰ দিয়ে। কমতাপুৰ ৰাজ্য আৰু জনজাতীকৰনেই তেওঁলোকৰ মুল ইচ্যু বুলি কৈ এই ক্ষেত্ৰত তেওঁলোকে আপোচ নকৰে অন্যথা আন্দোলন তীব্ৰতৰ কৰিব বুলি সদৰী কৰে। বিজেপি নেতৃত্বাধীন চৰকাৰে কোচ ৰাজবংশী সকলক সকলো ফালৰ পৰা আঘাত হানিছে বুলি অভিযোগ আনে। আক্ৰাছুৱে কম দিনৰ ভিতৰত কোচ ৰাজবংশী সন্মিলন আৰু তেওঁলোকৰ বিভিন্ন সংগঠনৰ এখন যৌথ সভা অনুষ্ঠিত কৰি আগন্তুক নিৰ্বাচন সম্পৰ্কত সিদ্ধান্ত লব বুলি জানিব দিয়ে। তেওঁলোকে কোচ ৰাজবংশী সন্মিলনৰ প্ৰাক্তন সভাপতি তথা কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ বীৰেশ্বৰ শইকীয়াৰ যোৱা ২৪ জুনত হোৱা বিয়োগত গভীৰ শোক প্ৰকাশ কৰি পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। আনহাতে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত প্ৰথম স্থান লাভ কৰা পূৱালী ডেকালৈ অভিনন্দন জ্ঞাপন কৰে। সংবাদমেলত আক্ৰাছুৰ দৰং জিলা সমিতিৰ সভাপতি শৰৎ ডেকা আৰু ওদালগুৰি জিলা সমিতিৰ সভাপতি হেমন্ত বৰা কোচ উপস্থিত আছিল।

Leave A Reply