Breaking

সোঁৱৰণিৰ সেওতাত আকাশবাণী গুৱাহাটী ।

0 1,508

✍ কৰবী মহন্ত কলিতা

এয়া আকাশবাণী গুৱাহাটী, ৰেডিঅ’ৰ পৰা ভাঁহি অহা চিনাকি এটি মাত। লাহে লাহে ঘোষক-ঘোষিকাসকল সকলোৰে বাবে চিনাকি হৈ পৰিছিল। মাত শুনিয়েই ঘোষক-ঘোষিকাসকলৰ নাম মনলৈ আহিছিল। ৰাতিপুৱা ভক্তিমূলক গীতেৰে দিনটোৰ কাৰ্য্যক্ৰম আৰম্ভ হয়। পঢ়িবলৈ সাজু হওঁ লগত থাকে ৰেডিঅ’টো। ৰেডিঅ’ শুনি পঢ়া টেবুলত বহা অভ্যাসতে পৰিণত হৈছিল। ৮.৩০ বজাত আৰম্ভ হয় গীতিমালিকা। প্ৰয়াত খগেন মহন্ত, অৰ্চনা মহন্ত, প্ৰয়াত দীপালি বৰঠাকুৰ, নমিতা ভট্টাচাৰ্য আদিৰ কিছুমান কালজয়ী গীত সেই সময়ত আকাশবাণী গুৱাহাটীৰ শ্রোতাসকলৰ মাজত জনপ্ৰিয় আছিল। স্কুল যাবলৈ সাজু হওঁ আৰম্ভ হয় আঞ্চলিক বাতৰি। হঠাৎ শ্ৰেণী বর্জনৰ খবৰ সেই সময়ত আঞ্চলিক বাতৰিৰ পৰাই পাইছিলো। সন্ধিয়া পঢ়া টেবুলত যাওঁ ৰৈ থাকো ৰেডিঅ’ নাটলৈ। ৰেডিঅ’ নাট আৰম্ভ হোৱাৰ লগে লগে পঢ়া সামৰো। ঘৰৰ সকলোৱে চোতালত ঢাৰি পাৰি বহি ৰেডিঅ’ নাটসমূহ উপভোগ কৰো। দেওবাৰৰ দিনটোলৈ ৰৈ থাকো অকণিৰ মেল অনুষ্ঠানৰ বাবে। নিজেও এবাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ধন্য হৈছিলো। প্ৰতিমাহৰ প্ৰথম আৰু তৃতীয়টো দেওবাৰে শ্রোতাসকলৰ অনুৰোধৰ গীতৰ অনুষ্ঠান ফোন ইন কল্পতৰু শুনিবলৈ ৰৈ আছিলো। সেই সময়ত আমাৰ গ্রাম্যাঞ্চলক ঢুকি পোৱাকৈ গ্ৰাম্যফোন ব্যৱস্থাও নাছিল আৰু আধুনিক মোবাইলৰ ব্যৱস্থাও নাছিল। কিন্তু মনত হেঁপাহ আছিল ফোন কৰি ঘোষক-ঘোষিকাসকলৰ লগত কথা পাতিবলৈ। এয়াই আছিল আকাশবাণী গুৱাহাটীৰ লগত জড়িত সোণসেৰুৱা স্মৃতি।

আকাশবাণী গুৱাহাটী প্ৰতিজন অসমীয়াৰ বাবে চিনাকি এটি নাম। ১৯৪৮ চনৰ ১ জুলাইত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মুকলি কৰা হৈছিল। ৭২ টা বসন্ত গছকা সুদূৰপ্ৰসাৰী এটি যাত্ৰা। আইদেউৰ বুলনিৰ নামাকৰণ কৰিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে। অকণিৰ মেলৰ দায়িত্বত আছিল বিৰিঞ্চি কুমাৰ বৰুৱা। গীত মাত, সংগীতালেখ্যৰ দায়িত্বত আছিল ডঃ ভূপেন হাজৰিকা। সুৰৰ সাতসৰী, ঘৰে পথাৰে, কল্পতৰু, আইদেউৰ বুলনি, উপন্যাস পাঠ, ৰেডিঅ’ নাটসমূহে যিদৰে সাহিত্যিক, সাংস্কৃতিক প্ৰেক্ষাপট গঢ়ি তুলিছিল, সৃষ্টি কৰিছিল আত্মীয়তাৰো। কাৰণ ঘৰৰ সকলোৱে একেলগে বহি ৰেডিঅ’ নাটসমূহ উপভোগ কৰিছিল। ডঃ ভূপেন হাজৰিকা, খগেন মহন্ত, অৰ্চনা মহন্ত, দীপালি বৰঠাকুৰ, ৰুদ্ৰ বৰুৱা, দিলীপ শৰ্মা, সুদক্ষিণা শৰ্মা, লক্ষ্যহীৰা দাস আদিৰ কালজয়ী গীতসমূহে আকাশবাণী গুৱাহাটীৰ জৰিয়তে শ্রোতাসকলৰ মাজত জনপ্ৰিয় হৈছিল। বহুতো কালজয়ী গীত পোনপ্ৰথমে আকাশবাণী গুৱাহাটীতে বাণীবদ্ধ হৈছিল। ডঃ ভবেন্দ্ৰ নাথ শইকীয়া, মহেন্দ্ৰ বৰঠাকুৰ, অৰুণ শৰ্মা, ফণী শৰ্মা আদি স্বনামধন্য নাট্যকাৰৰ নাটসমূহেও জনপ্ৰিয়তা অৰ্জন কৰিছিল আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগেদিয়ে।

আকাশবাণী গুৱাহাটী অসমীয়া জাতীয় জীৱনৰ লগত জড়িত। অসমীয়া ভাষাটোক শুদ্ধ ৰূপত তুলি ধৰাৰ ক্ষেত্ৰত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ভূমিকা কোনোগুণে কম নহয়। মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত পাহাৰ-ভৈয়ামৰ একতাৰ ঢল বোৱা, ভাষা, সাহিত্য, সংস্কৃতিৰ সৌধ গঢ়া আকাশবাণী গুৱাহাটীৰ যি যুগমীয়া যাত্ৰা, এই যাত্ৰা অব্যাহত থাকক।

Leave A Reply