Breaking

ব্ৰহ্মপুত্ৰ অঞ্চলৰ আমগুৰিত অখণ্ড ভাগৱত পাঠৰ আয়োজন

0 1,453

ব্ৰহ্মপুত্ৰ অঞ্চলৰ আমগুৰি গাঁৱত অবিভক্ত ব্ৰহ্মপুত্ৰ ভাগৱত আৰু কীৰ্ত্তন পাঠ সমিতিৰ সৌজন্যত গাঁৱৰ ৰাইজৰ সহযোগত আমগুৰি গাঁৱৰ নামঘৰৰ প্ৰাঙ্গগণত অহা ২২ জেঠৰ পৰা ২৫ জেঠলৈ চাৰি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব শ্ৰীমদ্ভাগৱত শাস্ত্ৰ মহাপ্ৰভু গোবিন্দৰ বাংময় মূৰ্তি স্বৰূপ অখণ্ড পাঠ। উত্তম শাস্ত্ৰৰ অমৃতোপম ৰসতত্ত্ব পান কৰাৰ লক্ষ্যৰে তথা ঐক্য, শান্তি, সমৃদ্ধি আৰু প্ৰগতিৰ মহান উদ্দেশ্য সাৰোগত কৰি অনুপম শাস্ত্ৰ শ্ৰৱণ কৰাৰ মানসেৰে অনুষ্ঠিত কৰিছে এই মহান অনুষ্ঠান ভাগ। কাৰ্যাসূচী অনুসৰি ২২ তাৰিখৰ পুৱা ৬-৩০ বজাত ধৰ্মধ্বজা উত্তোলন,৭ বজাত বৃক্ষ ৰোপণ,৮ বজাত ভাগৱত প্ৰদক্ষিণ আৰু ভাগৱত প্ৰতিষ্ঠা কৰিব ডেকা সত্ৰীয়া শ্ৰী শ্ৰী আহত গুৰি সত্ৰৰ সত্ৰাধিকাৰ আনন্দ গোস্বামীযে।পুৱা ৮-২০ বজাত নামপ্ৰসংগৰ পাছতেই ১০ বজাত ভাগৱত পাঠ আৰম্ভ হ’ব আৰু এই অখণ্ড ভাগৱত পাঠ ২৫ জেঠলৈ চলিব৷ অন্তিম দিনা পুৱা ৮ বজাত সমূহীয়া সেৱাৰে ভাগৱত পাঠৰ সামৰণি পৰিব।

পৱিত্ৰ অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি অন্তিম দিনা ১১-৩০ বজাত বয়োজ্যেষ্ঠ ভকতক শ্ৰদ্ধা আৰু সম্বৰ্দ্ধনা জনোৱা হ’ব।উল্লেখ্য যে, সূৰ্য্য শইকীয়া, পৱন হাজৰিকা,ৰাজীৱ হাজৰিকাক এই চাৰিদিনয়া অখণ্ড ভাগৱত পাঠত মূল পাঠেকী হিচাপে আমন্ত্ৰণ জনোৱা বুলি জানিবলৈ দিয়ে পাঠ পৰিচালনা সমিতিৰ সভাপতি নৰেন কলিতা, গণেশ সেনাপতি, অৰূপ কুমাৰ বৰা, প্ৰধান সম্পাদক নৃপেন বৰাৰ লগতে পৰিচালনা সমিতিৰ সমূহ কাৰ্যকৰ্তাই।

Leave A Reply