Breaking

আজি মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাৰ প্ৰস্তাৱত সঁহাৰি জনাই দুপৰীয়াৰ ১২ বজাৰ পৰা আক্ৰাছুৰ অসম বন্ধ প্ৰত্যাহাৰ

0 111

অসম পশ্চিমবংগৰ ৰাজ্যৰ একাংশকলৈ পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবীত সংগ্ৰাম কৰি অহা কোঁচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সংগঠন সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুয়ে আজি ৰাতিপুৱা ৫বজাৰ পৰা ২৪ঘণ্টা অসম বন্ধৰ আহ্বানত চলি থকাৰ সময়তে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মন্ত্ৰী পিযুজ হাজৰিকাই আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি বলৰাম বৰ্মনৰ সৈতে যোগাযোগ কৰি আজি সন্ধিয়া ৭বজাত দিছপুৰত আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱাত শেহতীয়াকৈ দুপৰীয়া ১২বজাৰ পৰা সামূহিক ভাবে এই বন্ধ প্ৰত্যাহাৰ কৰিছে ।

একেদৰে যদি আজিৰ উক্ত আলোচনা বিফল হলে পুনৰ লগে লগে এই অসম বন্ধ বাহাল থাকিব বুলি কেন্দ্ৰীয় সভাপতি বলৰাম বৰ্মণে এক সংবাদ মেলত প্ৰকাশ কৰিছে।

বঙাইগাঁওৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।

Leave A Reply