Breaking

আলি আঃয়ে লৃগাঙত ৰাজ্যিক বন্ধৰ দাবীত ! চিচিবৰগাওঁত মিচিং ৰাইজৰ প্ৰতিবাদ…

0 51

আলি আঃয়ে লৃগাঙত ৰাজ্যিক বন্ধৰ দাবীত

চিচিবৰগাওঁত মিচিং ৰাইজৰ প্ৰতিবাদ

মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰেৰণ।

অসমৰ দ্বিতীয় সৰ্ববৃহৎ ভূমিপুত্ৰ জনজাতি মিচিং ৰাইজৰ জাতীয় উৎসৱ আলিঃ আঃয়ে লৃগাঙক ৰাজ্যিক বন্ধৰ দাবীত আজি একত্ৰিত হ’ল চিলাপথাৰৰ সচেতন মিচিং সমাজ। দিনৰ প্ৰায় ১১ বজাত  সমবেত ৰাইজে হাতে হাতে বেনাৰ ছাইনবোৰ্ড লৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। অৰ্ধ শতাধিক ৰাইজে আলিঃ আঃয়ে লৃগাঙক ৰাজ্যিক বন্ধ ঘোষনা কৰক, ৰণোজ -ভুৱন পেগুৰ কাম নাই, আমাৰ দাবী মানিব লাগিব, অসম চৰকাৰ হায় হায়, ইনক্লব জিন্দাবাদ আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে চিচিবৰগাওঁ ৰাজহ চক্ৰৰ কাৰ্যালয় চৌহদ।

প্ৰতিবাদকাৰী সকলে কয় যে, চৰকাৰে ১০খন জিলাত বন্ধ দি মিচিং জাতিক চৰম প্ৰতাৰণা কৰিছে। চৰকাৰে এনে মিচিং জনজাতি বিৰোধী যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া মিচিং ৰাইজে কোনো কাৰণতে মানি লব নোৱাৰে। যি সময়ত চৰকাৰখনে ষট পূজা, ভাতৃ দ্বিতীয়া আদি পূজাত অসম বন্ধ দিয়ে। কিন্তু সৰ্ববৃহৎ মিচিং জনগোষ্ঠীতকৈও কম জনসংখ্যাৰ লোকসকলৰ বাবে ৰাজ্যিক ভিত্তিত চৰকাৰী বন্ধ ঘোষণা কৰিছে, তেনে ক্ষেত্ৰত ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ লোকক চৰম অন্যায় কিয় কৰা হৈছে বুলি প্ৰশ্ন উত্থাপিত কৰে।

শীঘ্ৰেই অসমৰ ১০ খন জিলাৰ পৰিবৰ্তে সমূগ্ৰ অসমতে আলি আঃয়ে লৃগাঙত বন্ধ ঘোষনা কৰিবলৈ দাবী জনাই অন্যথা মিচিং ৰাইজে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সুকিয়াই দিয়ে প্ৰতিবাদী সকলে। শেষত চিচিবৰগাওঁ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা লৈ এখনি স্মাৰক পত্ৰ ও প্ৰেৰণ কৰা হয়। আজিৰ প্ৰতিবাদী কাৰ্যসূচী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপ সভাপতি ছেফ পাওঁ ,ধেমাজি জিলাৰ সভাপতি ভবেশ পেগুৰ লগতে বহু লোক উপস্থিত থাকে।

শম্ভু দাস চিলাপথাৰ

ধেমাজি

Leave A Reply