Breaking

নাজিৰাত সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

0 75

AITUC ৰ সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থা (AACWU) নাজিৰা মহকুমা পৰিষদৰ আহ্বান ক্ৰমে নিৰ্মাণ শ্ৰমিক সন্থাৰ ১৬ দফীয়া দাবীৰ পূৰণৰ বাবে নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

চাহ শ্ৰমিকৰ দিন হাজিৰা ৩৫০ টকালৈ বৃদ্ধি কৰা, এনৰেগাৰ দৈনিক মজুৰি বৃদ্ধি কৰা, প্ৰশিক্ষণপ্ৰাপ্ত শ্ৰমিকৰ পাৰিতোষিক আৰু প্ৰমাণপত্ৰ অতি শীৰ্ঘ্ৰে প্ৰদান কৰা, দূৰ্নীতিগ্ৰস্ত আমোলা -বিষয়া-ঠিকাদাৰক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা, পেঞ্চনৰ ধন ৭৫০০ টকালৈ বৃদ্ধি কৰা আদিকে ধৰি প্ৰায় ১৬ টা দাবী সম্বলতি এখনি স্মাৰক পত্ৰ নাজিৰা মহকুমাৰ মহকুমাধিপতিৰ যোগেদি অসম চৰকাৰৰ শ্ৰম আয়ুক্তলৈ প্ৰেৰণ কৰে।

Leave A Reply