Breaking

অল এচাম ইছলামিক ৰিচাৰ্চ চেন্টাৰৰ দৰং জিলা সমিতিৰ বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়া-সুৰেশ বৰালৈ ফটোৱা জাৰি…

0 19

অল এচাম ইছলামিক ৰিচাৰ্চ চেন্টাৰৰ দৰং জিলা সমিতিয়ে লোকসভা নিৰ্বাচনৰ আগমূহুৰ্তত বিজেপিৰ দুই প্ৰাৰ্থীলৈ জাৰি কৰিলে ফটোৱা। সংগঠনটোৰ নেতা মুফটি মকিবুৰ ৰহমান আজহাৰীয়ে দেওবাৰে সংবাদমেল যোগে এই কথা সদৰী কৰি দুই প্ৰাৰ্থীলৈ ছয়টা প্ৰশ্ন উথ্বাপন কৰে।প্ৰশ্ন সমূহৰ উত্তৰ দিবলৈ বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াক ১২ ঘণ্টাৰ সময়ো বান্ধি দিলে মুফটি মকিবৰ ৰহমানে । সংগঠনটোৰ নেতৃত্ব্ই সদৰী কৰা মতে মূলতঃ বিজেপি দলে ইছলাম ধৰ্মীয় লোক সকলক টাৰ্গেট কৰি লোৱাৰ অভিযোগ আৰু বিজেপিয়ে বৰ্তমান মুছলিম প্ৰধান অঞ্চলত অধিক প্ৰচাৰ কৰাকলৈ সংবাদমেল আয়োজন কৰে সংগঠনটোৱে।

৪ নং দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ দিলীপ শইকীয়া আৰু নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰালৈ ছয়টা প্ৰশ্ন আগবঢ়াইছে অল এচাম ইছলামিক ৰিচাৰ্চ চেন্টাৰে । প্ৰশ্ন সমূহ হৈছেঃ


১৷ মুছলমান মুক্ত ভাৰতৰ কথা কোৱা আৰ এচ এচ ৰ কথা বিজেপিয়ে মানে নে নামানে?
২৷ মন্ত্ৰী পীয়ূষ হাজৰীকাই কোৱা মতে ঢলপুৰ আৰু কিৰাকাটা চৰত থকা লোক সকল বাংলাদেশী, যদি সেইসকল বাংলাদেশীয়েই হয় তেনেহলে কি কাৰণত দিলীপ শইকীয়াই উক্ত স্থানত গৈ তিনিশ লোকক বিজেপিত যোগদান কৰালে?


৩৷ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ মতে দাড়ি, টুপী ৱালা লোক সকল বাংলাদেশী, এতিয়া এই টুপী, লুঙী ৱালা লোক সকলক লগত লৈ বিজেপিয়ে কিয় ঘূৰি ফুৰিছে?


৪৷ বৰ্তমান মুছলমানৰ প্ৰতি ইমান দৰদ থকাৰ পিছতো কিয় ৫৫০ খন মাদ্ৰাছা বন্ধ কৰা হ’ল?


৫৷ তিনি তালাক প্ৰথা বন্ধ কৰাৰ আঁৰৰ ৰহস্য কি?


৬৷ লাভ জেহাদৰ নামত মুছলমান লোকক কিয় হাৰাশাস্তি কৰা হয়?


প্ৰশ্ন পোৱাৰ ১২ ঘণ্টাৰ ভিতৰত উত্তৰ দিবলৈ বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়া আৰু সুৰেশ বৰাক আহ্বান জনাইছে সংগঠনটোৱে। অন্যথা মুছলমান বসতি প্ৰধান অঞ্চলত বিজেপিৰ প্ৰাৰ্থী দুগৰাকীৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ ফটোৱা জাৰি কৰিলে অল এচাম ইছলামিক ৰিচাৰ্চ চেন্টাৰে।

Leave A Reply