Breaking

কাকতৰ ‘হকা’ৰক আৰ্থিক সাহায্য প্ৰদান সদৌ অসম সাংবাদিক কল্যাণ ন্যাসৰ…

0 74

পিতৃৰ বিয়োগৰ পিছত বগা সাজ পিন্ধিয়েই চাইকেলেৰে ঘৰে ঘৰে খবৰ কাগজ বিলাই ফুৰা নগাঁৱৰ হৰি দাসলৈ সদৌ অসম সাংবাদিক কল্যাণ ন্যাসৰ উদ্যোগত আৰু আলোক প্রভঞ্জন ৱেলফেয়াৰ ছ’চাইটিৰ সহযোগত আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ হৰি দাসৰ ঘৰত উপস্থিত হ’ল এটি প্ৰতিনিধি দল। ক’ভিডৰ পিছত সংবাদ-পত্ৰ সমূহলৈ সংকট নামি অহা পিছত সংবাদকৰ্মী তথা কাকতৰ লগত জড়িত হকা সকলৰ জীৱনলৈ দুৰ্যোগ নামি আহিছিল।

‘উপদেশতকৈ আৰ্হি ভাল’ নীতিলৈ সংবাদকৰ্মী সকলৰ দুৰ্যোগৰ সময়ত সামান্য সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যৰে দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সংবাদকৰ্মী সকলৰ উদ্যোগত জন্ম লাভ কৰা সদৌ অসম সাংবাদিক কল্যাণ ন্যাসে বিভিন্ন সময়ত এনেধৰণৰ সহায়-সহযোগিতা আগবঢ়াই আহিছে। আজি সংস্থাটোৰ নগাঁও জিলাৰ এটি দলে ৫,০০০.০০ টকাৰে সামান্য আৰ্থিক অনুদান আগবঢ়াই আৰু অন্যান্য দল, সংগঠনকো এনেধৰণৰ দৰিদ্ৰ পৰিয়ালক সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্ৱান জনায়।

Leave A Reply