Breaking

মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান সদৌ অসম কেওট জাতীয় পৰিষদৰ, সমস্যা সমাধানৰ আশ্বাস মুখ্যমন্ত্ৰীৰ…

0 14

অসমত বসবাস কৰা খিলঞ্জীয়া কেওট জনগোষ্ঠীৰ সংগঠন সদৌ অসম কেওট জাতীয় পৰিষদৰ বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ পৰিষদৰ পৰা যোৱা এক প্ৰতিনিধি দলে মঙ্গলবাৰে অসমৰ মুখ্যমন্ত্ৰীক প্ৰদান কৰে। সংগঠনটোৰ সভাপতি দিলীপ কুমাৰ বৰা আৰু প্ৰধান সম্পাদক দিলীপ ডেকাই আজি কাকতলৈ দিয়া এক বিবৃতিত কয় যে – বিভিন্ন সমস্যাৰে জৰ্জৰিত অসমত বসবাস কৰা কেওট সকল খিলঞ্জীয়া প্ৰাচীন জনগোষ্ঠী সমূহৰ ভিতৰত অন্যতম এক বৃহৎ সম্প্ৰদায়। অসমৰ জাতীয় জীবনলৈ বিভিন্ন দিশত বিশেষ বৰঙণী আগবঢ়াই অহা সত্বেও কেওট সকল আজি বঞ্চিত শোষিত আৰু অবহেলিত হৈ আহিছে। কেওট বা কৈৱৰ্তৰ আদিম পৰিচয় হল নদীয়াল।তেওঁলোকে নদী জান জুৰি জলাশয় আদিৰ পাৰত বাস কৰিছিল। কেওট সকলৰ কৰ্ম আছিল পানীত জাল ,পলো,জাকৈ আদিৰে মাছ ধৰা হাবিত খৰি কটা ,বনত চিকাৰ কৰা , নৈত মানুহ ইপাৰ সিপাৰ কৰোৱা আদি।কালক্ৰমত তেওঁলোকে নদীৰ কুল এৰি মুকলি ঠাইলৈ প্ৰব্ৰজন কৰি বসতি স্হাপন কৰি এচামে নতুন বৃত্তি হালবোৱাত ধৰিলে আৰু হালোৱা কেওট বুলি আত্ম পৰিচয় দাঙি ধৰিলে।

বিভিন্ন কৰ্মৰ পৰাই শ্ৰেণী বিভাজন হৈ হালোৱা কেওট,জালোৱা কেওট,পটীয়া কেওট,ধোবা কেওট ,সোণাৰি কেওট,কমাৰ কেওট,কুমাৰ কেওট,দুলীয়া কেওট ,মালী কেওট,মুদৈ কেওট,হীৰা কেওট,তাতী কেওট ,কৈৱৰ্ত কেওট বুলি পৰিচিত হল ।বিবৃতিটোত কোৱা হয় যে উল্লেখিত বৃত্তিয়াল কেওট সকলৰ কেবাটাও সম্প্ৰদায়ক অনুসুচীত জাতিৰ মৰ্যদা দি বাকী হালোৱা কেওটৰ লগতে অইন দুই এটা সম্প্ৰদায়ক অনুসুচীত জাতিৰ মৰ্যদাৰ পৰা বঞ্চিত কৰিলে। এয়া বঞ্চিত সকলো কেওটৰ বাবে নিৰ্মম কুঠাৰাঘাট । যাৰ বাবে সম্প্ৰদায়টোৰ উত্তৰণৰ ক্ষেত্ৰত হেঙাৰ হৈ থাকিল। ভাৰতবৰ্ষৰ পশ্চিমবংগ,ত্ৰিপুৰা আদি ৰাজ্যৰ কেওট সকলক বহু বছৰ পুৰ্বেই এচ চি ষ্টেটাচ দিয়া হল ,কেবল বঞ্চিত হল অসমৰ কেওট সকল।পৰিষদৰ পৰা স্মাৰক পত্ৰত দাবী কৰা হয় যে অতি শীঘ্ৰে অসমৰ সকলো কেওটক অনুসুচীত জাতিৰ মৰ্যদা দিয়ক । বিবৃতিটোত কোৱা হয় যে অবশ্যে মুখ্যমন্ত্ৰীয়ে স্মাৰক পত্ৰ গ্ৰহণ কৰি ব্যৱস্হা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে। ইয়াৰ লগতে স্মাৰক পত্ৰত আন কেবাটাও দাবী সন্নিবিষ্ট কৰা হয় ।আনফালে অসম চৰকাৰে কেওট জীয়ৰী কনকলতা বৰুৱাৰ নামত গহপুৰত কনকলতা বৰুৱা বিশ্ববিদ্যালয় স্হাপন কৰিবলৈ লোৱা সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সদৌ অসম কেওট জাতীয় পৰিষদৰ পৰা ধন্যবাদ জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীৰ লগত হোৱা আলোচনাত সদৌ অসম কেওট জাতীয় পৰিষদৰ সভাপতি দিলীপ কুমাৰ বৰা ,প্ৰধান সম্পাদক দিলীপ ডেকা , মুকুট ৰঞ্জন দাস , আৰু দিলীপ কুমাৰ হালৈ উপস্হিত আছিল।

Leave A Reply