Breaking

টংলা প্ৰেছ ক্লাৱত সদৌ বৰ্মন মান্দাই ছাত্র সন্থাৰ সংবাদ মেল

0 1,564

শনিবাৰে সদৌ বৰ্মন মান্দাই ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পদুম বৰ্মনে টংলা প্ৰেছ ক্লাৱত এখনি সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলৰ জড়িয়তে বৰ্মন জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ বাবে অসম তথা বিটিআৰ চৰকাৰক আহ্বান জনায়। সংবাদ মেল সম্বোধন কৰি পদুম বৰ্মনে কয় যে বৰ্মন জনগোষ্ঠীৰ নথি পত্ৰৰ সমস্যাকে ধৰি দ্বিভোটাৰ আৰু অন্যান্য সমস্যা সমাধানক লৈ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক ইতিমধ্যে ষ্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। বৰ্মন জনগোষ্ঠীৰ লোক সকলক জনজাতীয় প্ৰমাণ পত্ৰ প্ৰদান কৰি অহা হৈছিল যদিও বৰ্তমান সময়ত বৰ্মন লোক সকলক এই প্ৰমাণ পত্ৰ প্ৰদান কৰা নহয়। যাৰফলত বৰ্মন জনগোষ্ঠীৰ ছাত্র-ছাত্ৰী সকল শিক্ষা অনুষ্ঠানত নামভৰ্তি আৰু চৰকাৰী জলপানি ব্যৱস্থা লাভৰ ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হব লগা হৈছে বুলি জানিব দিয়ে সদৌ বৰ্মন মান্দাই ছাত্র সন্থাৰ সম্পাদক পদুম বৰ্মনে। দ্বিভোটাৰ সমস্যাৰ প্ৰসংগত বৰ্মনে কয় আগতে বৰ্মন জনগোষ্ঠীৰ লোকসকলে এনেধৰণৰ দ্বিভোটাৰ সমস্যাৰ সন্মুখীন হোৱা নাছিল কিন্তু কি কাৰণত বৰ্তমান সময়ত দ্বিভোটাৰ সমস্যাৰ সন্মুখীন হব লগা হৈছে। সদৌ বৰ্মন মান্দাই ছাত্র সন্থাৰ সম্পাদক পদুম বৰ্মনে অসম চৰকাৰ তথা বিটিআৰ চৰকাৰক বৰ্মন জনগোষ্ঠীৰ বিভিন্ন সমস্যাসমূহ শীঘ্ৰে সমাধানৰ বাবে আহ্বান জনায়। আনফালে সদৌ বৰ্মন মান্দাই ছাত্র সন্থাৰ উপ সভাপতি ধনিৰাম বৰ্মনে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক বৰ্মন জনগোষ্ঠীৰ জনজাতীয় প্ৰমাণ পত্ৰৰ সমস্যা সমাধান কৰি ছাত্ৰ-ছাত্ৰী সকলক নামভৰ্তি আৰু জলপানি লাভৰ ক্ষেত্ৰত সহায় কৰিবৰ বাবে আহ্বান জনায়।

Leave A Reply