Breaking

গোলাঘাটত ছাত্ৰ সংগঠনৰ যৌথ গোটে দিন হাজিৰা কৰা, গাড়ী চালক, মুচি বৃত্তিধাৰীৰ আৰ্তজনক খাদ্য সামগ্ৰী বিতৰণ

0 97

গোলাঘাট

তৃতীয় পৰ্যায়ৰ লকডাউনে একপ্ৰকাৰ দিশহাৰা কৰি পেলোৱা শ্ৰমজীৱী লোকসকলৰ কাষত থিয় দিলে গোলাঘাটৰ কেইবাটাও ছাত্ৰ সংগঠনে। সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় পৰ্যায়ৰ সাধাৰণ সম্পাদক মহেন বৰাৰ সক্ৰিয়তাত সদৌ তাই আহোম ছাত্ৰ সন্থা, আটছা, অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু অনুসূচিত জাতি যুৱ পৰিষদৰ বদান্যতাত মঙলবাৰে গোলাঘাটৰ বিভিন্ন অঞ্চলত প্ৰধানকৈ দিন হাজিৰা কৰা, গাড়ী চালক আৰু জোতা-চেণ্ডেল মেৰামতি কৰা আৰ্তজনৰ হাতত প্ৰদান কৰিলে খাদ্য সামগ্ৰী টোপোলা। এনে দুৰ্দিনৰ  সময়ত ছাত্ৰ সংগঠন কেইটিয়ে প্ৰায় ৫০০ টা পৰিয়ালক কৰা এই সহায়ে মানৱীয়তাৰ উৎকৃষ্ট নিৰ্দশন দাঙি ধৰিলে। এই কাৰ্যসূচীত  তাই আহোম ছাত্ৰ সন্থাৰ জিলা সভাপতি কৃষ্ণ বৰুৱা, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ জিলা সম্পাদক নিপন গগৈ, অনুসূচিত জাতি যুৱ পৰিষদৰ জিলা সভাপতি মাধুৰ্য দাস, কেন্দ্ৰীয় সমিতিৰ সমাজ কল্যান বিভাগৰ সম্পাদক ধ্ৰুৱ ভৰালী আৰু আটছাৰ গোলাঘাট জিলা সমিতিৰ সভাপতি ৰাবুল টোৰি উপস্থিত থাকে। সম্পূৰ্ণ লকডাউন নীতি নিৰ্দেশনা মানি কেৱল কেইজনমান ছাত্ৰ নেতাই এই বিতৰণ কাৰ্যসূচীত অংশ ল’য়। ইয়াৰ পূৰ্বেও  সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মহেন বৰা নেতৃত্বত ছাত্ৰ সংগঠনটোৱে বহু পৰিয়ালক সাহাৰ্য্য প্ৰদান কৰাৰ লগতে বিভিন্ন সময়ত নুমলীগড় বাবা থানৰ ভোকাতুৰ কপিকুলক বুট, কল আদি প্ৰদান কৰি আহিছে।

Leave A Reply