Breaking

মালিগাঁৱত সদৌ গুৱাহাটী আন্ত: বিদ্যালয় সাতোৰ প্ৰতিযোগিতা

0 108

এন এফ ৰেলৱে স্পৰ্টছ এছোচিয়েচনৰ উদ্যোগত মালিগাও অফিচাৰ কলনিস্থিত ৰেলৱে চুইমিং পুলত দেওবাৰে সদৌ গুৱাহাটী আন্ত: বিদ্যালয় সাতোৰ প্ৰতিযোগিতা অনুস্থিত হয়।

প্ৰতিযোগিতাত গুৱাহাটী মহানগৰীৰ ১৫ খন বিদ্যালয়ৰ প্ৰায় ৮০ জন খেলুৱৈ অংশগ্ৰহণ কৰে।

খেলুৱৈৰ উন্নত প্ৰদৰ্শনৰে প্ৰতিযোগিতাত শিলপুখুৰীৰ মহৰ্ষি বিদ্যামন্দিৰে প্ৰথম শ্ৰেষ্ঠ আৰু প্ৰাগজ্যোতিষ ছিনিয়ৰ চেকণ্ডাৰী বিদ্যালয়ে দ্বিতীয় শ্ৰেষ্ঠ বিদ্যালয়ৰ সন্মান লাভ কৰে।

বিয়লি ৩ বজাৰ পৰা আয়োজিত বটা বিতৰণী সভাত খেলুৱৈ সকলক বঁটা সমূহ প্ৰদান কৰে এন এফ ৰেলৱে স্পৰ্টছ এছোচিয়েচনৰ সভাপতি সন্দীপ শৰ্মা, এন এফ ৰেলৱে স্পৰ্টছ এছোচিয়েচনৰ একুৱেটিক শাখাৰ সম্পাদক সঞ্জয় দাস , যুটীয়া সম্পাদক ভাৱনা কৰ্ণে।

Leave A Reply