Breaking

অসমৰ সৰ্বাংগীন বিকাশ সাধনেহে জাতিৰ উত্তৰণ ঘটাব- লুৰীণজ্যোতি

0 1,243

মদাৰখাত ১৭ নৱেম্বৰ : অসমৰ সৰ্বাংগীন বিকাশ সাধন হ’লেহে অসমীয়া জাতিৰ উত্তৰণ সম্ভৱপৰ হ’ব। বিভিন্ন ভাষা-ভাষী তথা জনগোষ্ঠীৰ ঐক্যৱদ্ধ আৰু আপোচহীন চিন্তাই অসমীয়া জাতিক জগতত চিনাকি কৰাই দিব। অসমৰ প্ৰতিটো ক্ষুদ্ৰ বৰ জাতি-জনগোষ্ঠীৰ সুকীয়া বৈশিষ্ট্যতাই অসমৰ সামাজিক, সাংস্কৃতিক দিশত এক নতুন মাত্ৰা প্ৰদান কৰি আহিছে। অসমৰ সাতামপুৰুষীয়া পৰম্পৰা আৰু সংস্কৃতিত কোনো অপশক্তিয়ে যাতে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে তাৰ প্ৰতি সকলোৱে সদা সচেতন হৈ থাকিব লাগিব। অসমৰ জাগ্ৰত প্ৰহৰী ৰূপে অভিভাৱকৰ ভূমিকাত ৰাইজক অৱতীৰ্ণ হ’বলৈ আহবান জনাই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে। আজি লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাৰ নৱ নিৰ্মিত কাৰ্যালয় শ্বহীদ ভৱন শুভ উদ্বোধন কৰি সভাত অংশ লৈ ছহিদসকলৰ ত্যাগক সোঁৱৰি সেই ত্যাগক কেতিয়াও অথলে নাযায় বুলি বক্তব্যত উল্লেখ কৰে। ভাষণ প্ৰসংগত নৱ নিৰ্মিত শ্বহীদ ভৱনৰ মজিয়াত সাহিত্য, সংস্কৃতিৰ নতুন নতুন পৰিৱেশ, চিন্তা আৰু অনুশীলনে জাতিৰ পৰিকাঠামো সুদৃঢ় কৰাত সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰে। জাতিৰ জটিল সন্ধিক্ষণত লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাই অগ্ৰণী ভূমিকা পালন কৰাৰ পোষকতা কৰে। নীলিম আকাশত অসমৰ জাতীয় জীৱনৰ শংকা, পৰিবৰ্তনশীল সমাজ ব্যৱস্থাক প্ৰগতিশীল কৰি তুলিবলৈ অংগীকাৰবদ্ধ হ’বলৈ আহ্বান জনায়। অসমৰ সম্পদৰ যি অধিকাৰ সৰ্বকালৰ বাবে খিলঞ্জীয়াৰ সপক্ষত থকাৰ বাবে যিমানেই বাধা নাহক তাক প্ৰতিহত কৰিবই লাগিব, অসমীয়া সমাজ ব্যৱস্থাক ভাঙি মষিমূৰ কৰাৰ অপশক্তিৰ যি অভিপ্ৰায় তাক সমূলঞ্চে উভালি পেলাব লাগিব বুলি উল্লেখ কৰে। ৰাজনৈতিকভাৱে অসমীয়া জাতিৰ মেৰুদণ্ড থানবান কৰাৰ যি ষড়যন্ত্ৰ তাক ওফৰাই আপোচবিহীন খিলঞ্জীয়া সত্তা এটা প্ৰতিষ্ঠাৰ হকে মত পোষণ কৰে। লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় শুভ উদ্বোধনী সভাত সভাপতিত্ব কৰে লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিদ্যুৎ সাগৰ দত্তই। সভাখনৰ আঁত ধৰে দিব্যজ্যোতি দত্ত আৰু লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱাই। লাহোৱাল মহাবিদ্যালয়ৰ অধ্যক্ষ জ্যোতি প্ৰসাদ দত্তই শ্বহীদ ভৱনৰ পৰাই লাহোৱালৰ ভৱিষ্যতৰ ছবি নিৰ্ধাৰণ হোৱাৰ আশা কৰি কোনোধৰণৰ অপচিন্তাই শ্বহীদ ভৱনৰ মৰ্যদা লাঘৱ নকৰে তাৰ প্ৰতি সচেতন হ’বলৈ মত প্ৰকাশ কৰে। লাহোৱাল প্ৰেছ ক্লাবৰ উপদেষ্টা তথা সাংবাদিক যাদৱ গগৈয়েও ভাষণ প্ৰদান কৰি লাহোৱাল জাতি-জনগোষ্ঠীৰ মিলনস্থলী বুলি অভিহিত কৰি ঐক্যৱদ্ধভাৱে লাহোৱালৰ উত্তৰণ হোৱাত লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাই আগ ভাগ ল’ব বুলি আশা কৰে। সভাত লাহোৱাল প্ৰেছ ক্লাবৰ উপদেষ্টা কণৌজ শইকীয়া, প্ৰাক্তন আছু কৰ্মী দিব্যজ্যোতি দত্ত আৰু সুভাষ দত্তই অংশ লয়। স্থানীয় গায়ন বায়নেৰে আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈক আদৰি আনি মাংগলিক কাৰ্যসূচীৰে কাৰ্যালয় মুকলি কৰা হয়। আনুষ্ঠানিকভাৱে ফিটা কাটি কাৰ্যালয় উদ্বোধন কৰে আছু সাধাৰণ সম্পাদকগৰাকীয়ে। অনুষ্ঠানত বিভিন্ন নেতৃস্থানীয় ব্যক্তিৰ লগতে যথেষ্ট সংখ্যক স্থানীয় ৰাইজে অংশ লয়।

Leave A Reply