Breaking

সোণতলীত দলং নিৰ্মাণত ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

0 147

সোণতলী

মাত্ৰ এক বছৰ পূৰ্বে বকোৰ বিধায়িকা নন্দিতা দাসে এছঅ’পিডিৰ অধীনত ৬৮ লাখ টকাৰ এখন কাঠৰ দলংখন নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে৷ তাৰে কিছুদিন পিছত মিৰ্জাস্থিত পৰেশ কলিতা নামৰ এজন ঠিকাদাৰৰ নেতৃত্বত দক্ষিণ কামৰূপৰ সোণতলীৰ আৰিকাটি বৰদিয়া নয়াপাৰা সংযোগী কাঠৰ দলংখন নিৰ্মাণৰ কাম আৰম্ভ কৰে যদিও প্ৰথমৰ পৰাই নিম্নমানৰ সামগ্ৰী দলংখনত ব্যৱহাৰ কৰি অহাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে৷ এই সম্পৰ্কে ঠিকাদাৰক কেবাবাৰো অৱগত কৰাৰ  পিছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে৷ উল্লেখযোগ্য যে এবছৰ নহওঁতে দলংখনৰ মাজৰ অংশ তলপিনে  বহি যোৱাৰ ফলত অঞ্চলটোৰ ৰাইজে শংকিত হৈ পৰিছে৷ যিকোনো মুহূৰ্তত ডাঙৰ দুৰ্ঘটনা হোৱাৰ পূৰ্ণ সম্ভাৱনা প্ৰকোট  হৈ পৰিছে দলংখনত৷ কুৰিখনতকৈ অধিক গাঁৱৰ একমাত্ৰ যাতায়াত ব্যৱস্থা এই দলংখন বন্ধ হৈ পৰিলে স্তব্ধ হৈ পৰিব বৃহত্তৰ আৰিকাটি- পানীখাইতিকে ধৰি বহু গাঁৱৰ ৰাইজৰ। পৰিতাপৰ বিষয় এই যে দলংখন মেৰামতি কৰাৰ বাবে ঠিকাদাৰ পৰেশ কলিতাৰ লগতে বিধায়িকাকো কেবাবাৰো অৱগত কৰাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত ক্ষুব্ধ হৈ পৰিছে অঞ্চলবাসী৷ ইপিনে, দলং মেৰামতি সম্পৰ্কে বিধায়িকা নন্দিতা দাসৰ সৈতে ফোনযোগে হোৱা বাৰ্তালাপত বিধায়িকাই কয়, ঠিকাদাৰে আমাৰ কথাত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰা হৈছে৷ বিধায়িকাৰ এনে কথাত সচেতন ৰাইজৰ মাজত ডাঙৰ প্ৰশ্নবোধক চিহ্ন ৰৈ গৈছে। ইপিনে, অঞ্চলটোৰ একাংশ সচেতন যুৱকে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে এই দলংখন নিৰ্মাণ কালত ঠিকাদাৰ পৰেশ কলিতাই বুজন পৰিমানৰ ধন আত্মহাৎ কৰাৰ পৰিকল্পনা কৰিছে৷ বাৰিষাৰ আগত যদি এই দলংখন মেৰামতি নকৰে তেন্তে ঠিকাদাৰৰ বিৰুদ্ধে অভিযোগ লৈ বিভাগীয় মন্ত্ৰীৰ কাষ চপাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে৷

Leave A Reply