Breaking

নাজিৰাত চৰকাৰী আবণ্টিত সামগ্ৰী বিতৰণত অনিয়মৰ অভিযোগ : ব্যৱস্থা গ্ৰহণৰ দাবীত মহকুমা প্ৰশাসনক স্মাৰক পত্ৰ ” আছা “ৰ ।

0 40

দিলীপ হাজৰিকা : নাজিৰা :

নাজিৰা মহকুমাৰ বিভিন্ন প্ৰান্তত চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত  ৰাজহুৱা বিতৰণ ব‍্যৱস্থাৰ সামগ্ৰী বিতৰণৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি  ব‍্যাপক বিসংগতি তথা অনিয়মৰ অভিযোগ উথাপিত হৈ আহিছে । ইতিমধ্যে নাজিৰা মহকুমা প্ৰশাসনে  এনে অনিয়মত লিপ্ত দুজনকৈ এজেণ্টক নিলম্বন কৰাৰ পিছতো এইবাৰ মেকীপুৰ গাওঁ পঞ্চায়তৰ অন্তৰ্ভুক্ত ম‌ইনাটিং মজদুৰ গাঁৱৰ সমবায় এজেণ্টজনে অনিয়মত লিপ্ত হোৱাৰ অভিযোগ তুলিছে অসম আদিবাসী ছাত্ৰ সন্থা( আছা)ৰ নাজিৰা  নাজিৰা আঞ্চলিক সমিতিয়ে ।আজি সংগঠনটোৰ আঞ্চলিক সমিতিখনৰ সভাপতি ৰাজীৱ মিদ্ধা আৰু সম্পাদক বিতুল কুৰ্মিয়ে  গেলেকী সমবায় সমিতিখনৰ অধীনস্থ ইনচান আলিৰ বিৰুদ্ধে এই অভিযোগ উথাপন কৰি বিহিত ব‍্যৱস্থা গ্ৰহণৰ দাবীৰে নাজিৰা মহকুমাধিপতিক এখন স্মাৰক পত্ৰ দাখিল কৰে । সংগঠনটোৱে অভিযোগ কৰে যে সমবায় এজেণ্টজনে দীৰ্ঘ দিন ধৰি ম‌ইনাটিং মজদুৰ গাঁৱৰ হোজা চাহ মজদুৰ দৰিদ্ৰ জনসাধাৰণক সময় মতে প্ৰদান নকৰি উক্ত সামগ্ৰীসমুহ বিতৰণতো অনিয়ম সংঘটিত কৰি আহিছে। যাৰ ফলত  অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ কৰিছে সংগঠনটোৱে । ইয়াৰ পৰিপ্ৰেক্ষিততে প্ৰশাসনৰ তৰফৰ এক অনুসন্ধান চলাই বিহিত ব‍্যৱস্থা লবলৈ সংগঠনটোৱে দাবী জনাইছে ।

Leave A Reply