Breaking

দৰঙত ৩২.৪১ কোটি টকীয়া নিৰ্মীয়মান মথাউৰি পুনৰ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ : শংকিত নৈপৰীয়া

0 199

দৰং

দৰঙত জলসম্পদ বিভাগৰ জৰিয়তে পুনৰ নিৰ্মাণ কৰা মঠাউৰিত ব্যাপক অনিয়ম হোৱা অভিযোগ উত্থাপন হৈছে৷ প্ৰায় ৩২.৪১ কোটি টকাৰে পুনৰ নিৰ্মাণ কৰা মথাউৰি নিৰ্মাণত হোৱা অনিয়মৰ বাবে এইবাৰ পুনৰ নৈপৰিয়া লোকসকলে ভোগ কৰিব লাগিব বানপানীৰ সমস্যাত৷ মথাউৰি নিৰ্মাণত হোৱা অনিয়মৰ বাবে জাঙুৰ খাই উঠিছে জাতীয় সংগঠন আৰু গঞা ৰাইজ৷ ইফালে নেৰানেপেৰা বৰষুণত ফেনে ফোটোকাৰে বাঢ়িছে ননৈ নদীৰ বাঢ়নী পানী৷ এনে সময়তে নিৰ্মীয়মান মথাউৰীৰ কামকাজৰ ৰেহৰূপ দেখি চিন্তিত হৈ পৰিছে নৈৰ দাঁতি কাষৰীয়া ৰাইজ৷ কিয়নো বৰষুণে খহাবলৈ ধৰিছে নৱনিৰ্মীত মথাউৰিৰ মাটি৷ ননৈ নদীৰ পশ্চিম পাৰৰ কুমাৰপাৰাত যোৱা বৰ্ষত বাঢ়নী পানীয়ে চিগি নিয়া মথাউৰিৰ অংশ এটি পুনৰ নিৰ্মাণত হোৱা কৰ্তৃপক্ষৰ গাফিলতিয়ে বিপদ ঘণ্টা বজাইছে ৰাইজৰ৷ দৰং জিলাৰ ছিপাঝাৰ সমষ্টিত  ৰাজ্য চৰকাৰৰ বিয়াগোম জলসম্পদ বিভাগৰ জৰিয়তে প্ৰায় ৩২.৪১ কোটি টকা ৰাজকোষৰ পৰা ব্যয় কৰি পুনৰ নিৰ্মাণ কৰিছে গুৰুত্বপূৰ্ণ তিনিটা মথাউৰি। বছৰে বছৰে একাংশ প্ৰভাৱশালী ঠিকাদাৰ আৰু জলসম্পদ বিভাগৰ এচাম আমোলা-অভিযন্তাৰ ক্ষীৰতি গাইলৈ পৰিণত হোৱা ননৈ নদীৰ পূৱ আৰু পশ্চিম মথাউৰিৰ লগতে মহাবাহু ব্ৰহ্মপুত্ৰৰ মথাউৰি নিৰ্মাণৰ কাম চলিত বৰ্ষত কৰা হৈছিল আৰম্ভ। ননৈ নদীৰ মথাউৰি নিৰ্মাণৰ ঠিকা লাভ কৰা আৰ শ‌ইকীয়াৰ জেদ ইঞ্জিনীয়াৰ্ছৰ কামৰ বহুৱালি দেখি চকু কপালত উঠিছে নৈপৰীয়াৰ। আনকি ননৈ নদীৰ পশ্চিম দিশৰ মথাউৰিটোৰ কুমাৰপাৰাত বিগত বৰ্ষতে বানপানীয়ে চিঙি পেলোৱা অংশৰ নিৰ্মীয়মান কামে উন্মোচিত কৰিছে লুণ্ঠনৰ প্ৰকৃত ছবি। কিয়নো বিগত বৰ্ষতে পানীয়ে চিগা অংশটো এইবাৰ মেৰামতি কৰোতে সমুখত থকা বান্ধটোৰ কিছু অংশ ঠিকাদাৰৰ আদেশ মতে ট্ৰেক্টৰ চলোৱাৰ সুবিধাৰ বাবে ভাঙি দিয়ে৷ কিন্তু ৰাইজক দিয়া প্ৰতিশ্ৰুতি মতে কৰ্তৃপক্ষই সমুখৰ বান্ধটো পুনৰ মেৰামতি নকৰিলে৷ ফলত সমুখৰ বান্ধৰ ভঙা অংশটোৰে বৰ্তমান বাঢ়ি অহা নদীৰ পানী সোমাই খহাবলৈ আৰম্ভ কৰিছে নৱনিৰ্মিত মূল মথাউৰি৷ তাৎপৰ্যপূৰ্ণ যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৩১ মে ৰ পূৰ্বে মথাউৰিসমূহৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ জলসম্পদ বিভাগক কঠোৰ নিৰ্দ্দেশ দিয়াৰ পিছতো ছিপাঝাৰত সমগ্ৰ মথাউৰীৰ ৩৬ শতাংশ‌ও কাম নোহোৱাটোৱে বিভাগীয় মন্ত্ৰী, আমোলা, অভিযন্তা আদিৰ চৰম ব্যৰ্থতা বুলি একাংশ সচেতন ৰাইজে অভিযোগ প্ৰকাশ কৰে৷ এইক্ষেত্ৰত মুখ্যমন্ত্ৰী, স্থানীয় প্ৰশাসন আৰু স্থানীয় জনপ্ৰতিনিধিৰ ঠিকাদাৰক লেকাম লগোৱাৰ সাহস হ’বনে বুলি ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰশ্ন কৰে৷

Leave A Reply