Breaking

উত্তৰ পূব সৰুক্ষেত্ৰী গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ

0 2,042

দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত হৈছে ৰাজ্যৰ একাংশ গাঁও পঞ্চায়ত। অসম চৰকাৰে যিমানেই দুৰ্নীতি বন্ধ কৰিবলৈ প্ৰচেষ্টা চলাইছে সিমানেই যেন একাংশই  লিপ্ত হৈছে দুৰ্নীতিত। বিশেষকৈ দুৰ্নীতিৰ ভূ স্বৰ্গত পৰিণত হৈছে অসমৰ একাংশ গাঁও পঞ্চায়।প্ৰায় বোৰ পঞ্চায়ততে এতিয়া চৰকাৰী আঁচনি ৰূপায়ণৰ নামত চলিছে ব্যাপক কেলেংকাৰী।বৰপেটা জিলাৰ সৰুক্ষেত্ৰীৰ ১৪ নং উত্তৰ পূব সৰুক্ষেত্ৰী গাঁও  পঞ্চায়ততো চলিছে চৰকাৰী ধন লুন্ঠনৰ অঘোষিত প্ৰতিযোগিতা।পঞ্চায়তৰ এগৰাকী বিজেপি পালিনেতাৰ নেতৃত্বত এমজিএনৰেগাৰ আঁচনিত ব্যাপক লুন্ঠন চলাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে ১৪ নং উত্তৰ পূব সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ অধীনৰ শান্তিপুৰত এমজিএনৰেগাৰ আঁচনিত এটা কৃষি বান্ধ নিৰ্মাণ কৰা হৈছে। শান্তিপুৰৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা মৃণাল ডেকাৰ ঘৰলৈ কালভাৰ্ট সহ কৃষি বান্ধ নিৰ্মাণৰ বাবে ৱৰ্ক আই ডি ০৪০৫০/এফ এফ/৯০১০২৬১৩৬৯ নম্বৰত গ্ৰহণ কৰা আঁচনি ৰূপায়ণৰ নামত ব্যাপক লুন্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।পঞ্চায়তখনৰ শান্তিপুৰত ৬ লাখ ৫৩ হাজাৰ টকাৰে নিৰ্মাণ কৰা কৃষি বান্ধৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰু এই অনিয়ম দেখি ক্ষোভিত  হৈ পৰিছে স্থানীয় ৰাইজ।আঁচনিমতে কৃষি বান্ধটো প্ৰায় ১২ ফুট বহল হব লাগে।পিছে তিনি চাৰি ফুট বহল কৰিয়ে সামৰিছে দায়িত্ব।একেদৰে সঠিক ভাবে ওখ  নকৰি পুৰণি পথতে ডেৰ দুই ফুট মাটি পেলাইয়ে দায়িত্ব সামৰিছে।ট্ৰেক্টৰৰ জৰিয়তে প্ৰায় ডেৰ লাখ টকাৰ মাটি পেলাইয়ে আঁচনিৰ সিংহ ভাগ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে।এইক্ষেত্ৰত এক উপযুক্ত  তদন্তৰ দাবী বিচাৰিছে স্থানীয় ৰাইজে। স্থানীয় ৰাইজৰ অভিযোগ মতে পঞ্চায়তখনৰ অধীনৰ বিজেপি পালিনেতা বিনোদ বৰ্মনৰ নেতৃত্বত এই আঁচনি ৰূপায়ণত দুৰ্নীতি সংঘটিত হৈছে। উল্লেখ্য যে পঞ্চায়তখনৰ স্বীকৃতিপ্ৰাপ্ত অভিযন্তা আৰু কনিষ্ঠ অভিযন্তাই কমিচনৰ অংকত চকু মুদা কুলিৰ ভাও ধৰা বাবে আৰু পঞ্চায়তখনৰ  সভাপতি মানৱ চৌধুৰীৰ সোপাঢিলা নীতিৰ বাবেই একাংশ  দালাল এতিয়া পঞ্চায়তখনত উঠি ৰজা বহি ৰজা হৈ পৰিছে বুলি অভিযোগ উত্থাপন হৈছে।

Leave A Reply