Breaking

আল্লিয়া গাঁও পঞ্চায়তত ৬ খনকৈ আঁচনিৰ আধাৰশিলা

0 1,022

নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৭ নং আল্লিয়া গাঁও পঞ্চায়তত কালি  ৬ টা উন্নয়নমুলক কামৰ শুভাৰম্ভনি কৰা হয়।  পূৱাৰ ভাগত পঞ্চায়তখনৰ অন্তৰ্গত বৰালকুছী কালী মন্দিৰৰ চৌহদত এটা  বিশুদ্ধ খোৱা পানীৰ প্ৰকল্প, বৰালকুছী এক নাম হৰিমন্দিৰত  চৌহদত অনাময় শৌচাগাৰ,তিনি পুখুৰী পঞ্চায়তত পানী যোগান প্ৰকল্প,পূৱ নাৰায়ণ গাঁও এল পি স্কুলৰ পকীবেৰ নিৰ্মাণ,গড়গড়ী বাথৌ মন্দিৰৰ বিশুদ্ধ খোৱা পানী আঁচনিকে  আদিৰে মুঠ ছয় টাকৈ উন্নয়নমুলক আঁচনিৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভনি কৰা হয়। 

পঞ্চায়তখনৰ বৰালকুছি- গাঁৱত আজি অনুষ্ঠিত কালী মন্দিৰৰ বিশুদ্ধ খোৱা পানী নিৰ্মাণৰ শুভাৰম্ভনিৰ আধাৰশিলা কৰি বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক বিজয় বৰ্মণে নিজৰ ভাষণত কয় যে বিজেপি চৰকাৰৰ দিনত উন্নয়নৰ ক্ষেত্ৰত সকলো গুৰুত্ব প্ৰদান কৰা বুলি উল্লেখ কৰি  কংগ্ৰেছৰ তুলনাত বিজেপি চৰকাৰৰ দিনত অধিক উন্নয়ন হোৱা বুলি আঙুলিয়াই দি কেবাটাও চৰকাৰৰ অভিলাষী আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰে। এই উন্নয়নমুলক আঁচনিৰ শুভাৰম্ভনি অনুষ্ঠান কেইটাত পৃথকে পৃথকে উপস্থিত থাকে ক্ৰমে  আল্লিয়া গাঁও পঞ্চায়তৰ সচিব জ্ঞানেন্দ্ৰ কাকতি,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সম্পাদক তথা আল্লিয়া পঞ্চায়তৰ প্ৰভাৰী কনক ভৰালী,শক্তি কেন্দ্ৰৰ আহ্বায়ক সঞ্জীৱ দাস,বিনন্দ কলিতাকে ধৰি দলীয় বুথ সভাপতি,সম্পাদকৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।উল্লেখ‍্য যে  পঞ্চায়তখনত পঞ্চদশ বিত্তীয় আয়োগৰ প্ৰায়  ১৬ লাখ টকা ব‍্যয়ৰে ৬ টা উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভনি কৰা হয়।

Leave A Reply