Breaking

অসমৰ লগতে পশ্চিম বংগটো আধুনিক সংগীত তথা বিহু গীতে অসংখ্য জনৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে

0 2,186

নগাঁৱৰ এগৰাকী অতি প্ৰতিভাসম্পন্ন চিনাকি কণ্ঠৰ শিল্পী হৈছে বিজয় বিশ্বাস । নগাঁৱৰ ইটাচালী নিবাসী তথা নগাঁও উপায়ুক্ত কাৰ্যালয়ৰ সহকাৰী পৰিকল্পনা বিষয়া বিজয় বিশ্বাসে নিজৰ সুমধুৰ কন্ঠৰে ইতিমধ্যেই বহুতো সংগীতানুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে । শিল্পী গৰাকীয়ে অতি ব্যস্ততাপূৰ্ণ চাকৰি জীৱনৰ মাজতো বিশেষকৈ আধুনিক অসমীয়া আৰু বঙালী গীতৰ চৰ্চাৰে এগৰাকী কণ্ঠ শিল্পী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে । সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ অসংখ্য অসমীয়া ,বাংলা আৰু হিন্দী গীতত  কণ্ঠ নিগৰাইছে বিজয় বিশ্বাসে । ইয়াৰ উপৰিও দুটা দশকৰ পূৰ্বেই ১৯৯৪ চনতেই আকাশ বাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে প্ৰথম এগৰাকী অনাতাঁৰ শিল্পীৰ স্বীকৃতি লাভ কৰিছিল তেওঁ । তেতিয়াই তেওঁ নগাঁৱৰ স্থানীয় চেনেল ‘নগাঁও টকচ্’ আৰু বিএম চিৰ এগৰাকী নিয়মীয়া শিল্পী আছিল আৰু সেই ধাৰা এতিয়াও অব্যাহত আছে । অসমীয়া জনপ্ৰিয় ধাৰাবাহিক  ‘সূৰ্য্যস্নান’ আৰু ‘ককাদেউতাৰ দেউতাৰ হাৰ’ত তেওঁ ধাৰাবাহিক দুখনৰ শীৰ্ষ গীতটো পৰিবেশন কৰিছিল । ঠিক তেনেকৈ ২০১৩ চনত সৰ্বভাৰতীয় সংগীত সমাৰোহ ‘সুৰ নন্দন ভাৰতী’ত  কলিকতাৰ ‘ বিৰলা একাডেমী অৱ আৰ্ট এণ্ড কালচাৰত ‘ আয়োজিত সমাৰোহতো গীত পৰিবেশন কৰিছিল তেওঁ । বিজয় বিশ্বাসৰ সংগীতৰ এই সোনসেৰীয়া যাত্ৰাৰ বাবে কলিকতাৰ ‘সুৰ নন্দন ভাৰতীয়ে ‘ ২০১৬ চনত তেওঁক “নন্দন শ্ৰী” আৰু ২০১৯ চনত “সুৰ নন্দন” বটা প্ৰদান কৰে । ইয়াৰ উপৰিও কলিকতাৰ ‘উত্তৰ বাংলা চেনেল’ আৰু ‘চি টি ভি এন চেনেলত 2013 চনৰ পৰাই তেওঁ গীত পৰিবেশন কৰি আহিছে । ইপিনে যাদৱপুৰ বিশ্ববিদ্যালয় চৌহদত দুবাৰকৈ সংগীত পৰিবেশন কৰিছে তেওঁ । এফ এম ৰেডিঅ’ৰ জড়িয়তে প্ৰচাৰ হৈছিল এই অনুষ্ঠান ।  অসমৰ জনপ্ৰিয় চেনেল ‘নিউজ লাইভ’, ‘প্ৰাগ নিউজ’ , কলিকতাৰ ‘ আমাৰ চেনেল’, ‘চেনেল ৱান’, কে লৈ বহু চেনেলত বহু গীত পৰিবেশন কৰাৰ লগতে গুৱাহাটী দুৰৰ্দশনতো তেওঁ এটা অনুষ্ঠান সম্প্ৰচাৰ হৈছিল ২০১৮ চনত ।  বিজয় বিশ্বাসৰ ইতিমধ্যে পাচটা গীতৰ এলবাম মুকলি হৈছে । সেই এলবাম সমূহ হৈছে “প্ৰিয়াসী”(বাংলা) “কেচা মাতিৰ গোন্ধ”(অসমীয়া), “মৰমে ৰিঙিয়াই”(অসমীয়া), “অ কুলি-কেটেকী”(অসমীয়া), “সোনৰ মইনা”(লোকসংগীত) । বিজয় বিশ্বাসৰ প্ৰিয় শিল্পী হৈছে ড° ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা আৰু কিশোৰ কুমাৰ । উল্লেখযোগ্য যে কলিকতাৰ বিভিন্ন চেনেলত তেওঁ পৰিবেশন কৰা অসমৰ বিহু গীতে অতি জনপ্ৰিয়তা লাভ কৰিছিল । ভয়াবহ কভিড পৰিস্থিতিৰ সময় খিনিটো এই গৰাকী শিল্পীয়ে নিজৰ ঘৰতে পত্নী পুত্ৰৰ সহযোগিতাত বিভিন্ন কালজয়ী গীত চৰ্চা আৰু সমাজিক মাধ্যমৰ জড়িয়তে প্ৰচাৰ কৰি ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল ।

Leave A Reply