Breaking

ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন…

0 23

বহু বছৰ পাছত আপোন বিদ্যালয়খনলৈ আহিছে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন সহপাঠীক লগ পাই নষ্টালজিক প্ৰতিজন, স্মৃতিবোৰে আজি আমনি কৰিছে তেওঁলোকক। এৰি অহা দিনবোৰৰ কথা মনত পৰিছে। নষ্টালজিক হৈ পৰিছে সকলো। বহু বছৰ পাছত আপোন বিদ্যালয়খনলৈ আহিছে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী। অতীতৰ প্ৰতিটো পৃষ্ঠা লুটিয়াইছে প্ৰক্তন ছাত্ৰ-ছাত্ৰী সকলে। বিদ্যালয়খনত বৰ্তমান অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ মাজতো দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ উদ্দীপনা। কৰ্মসূত্ৰে বিভিন্ন স্থানত থকা প্ৰাক্তন শিক্ষাৰ্থীসকলে অংশ লৈছে প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সন্মিলনত। বিদ্যালয়ত পঢ়ি থকা দিনৰ স্মৃতিবোৰ ৰোমন্থন কৰিছে প্ৰতিজন প্ৰাক্তন শিক্ষাৰ্থীয়ে। শোণিতপুৰ জিলাৰ ৰে’ল নগৰী খ্যাত ৰঙাপৰা নগৰ স্থিত ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে সগৌৰৱেৰে অতিক্ৰম কৰিলে ৭২টা বৰ্ষ। ১৯৫২ চনতেই স্থাপন হোৱা ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন।

প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা কাৰ্য্যসূচীত উপস্থিত থাকিল বিদ্যালয়ত অধ্যয়ন কৰি যোৱা প্ৰাক্তন শিক্ষাৰ্থীসকল। আজি পুৱা ৯:৩০ বজাত সমুহীয়া প্ৰাৰ্থনাৰে আৰম্ভ হোৱা অনুষ্ঠানটিত পতাকা উত্তোলন কৰে বিদ্যালয় খনৰ অধ্যক্ষ মোহন গোস্বামীয়ে আৰু সন্মিলনৰ সভাপতি ভৱেশ মিশ্ৰই শ্বহীদ তৰ্পণ কৰে। ইয়াৰ পাছতে আদৰণি গীত পৰিবেশন কৰা হয়। সন্মিলনৰ সহকাৰী সাধাৰণ সম্পাদক আব্দুল ৰহিম আৰু চাহিন আহমেদে আত ধৰা অনুষ্ঠানত বিদ্যালয় খনৰ ১০ গৰাকী প্ৰাক্তন শিক্ষকক গামোচাৰে সম্বৰ্ধনা আৰু শ্ৰদ্ধা জনোৱা হয়। দিনৰ ১১:৩০ বজাত স্মৃতিৰ ডঁৰিয়ালিত নামৰ স্মৃতিগ্ৰন্থ আৰু স্মৃতি চিহ্ন উন্মোচন কৰা হয়।দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান ৰূপায়ন কৰা হৈছে।

বিয়লি ৩ বজাত অনুষ্ঠিত মুকলি চ’ৰাত অংশ লৈ বিদ্যালয় খনৰ প্ৰাক্তন শিক্ষাৰ্থী সকলে আজি অভিভূত হৈ পৰিছো বুলি কয়। অতীত সদায়েই সুন্দৰ। কেইবা দশকৰ পিছত সতীৰ্থ সকল লগ হৈ নষ্টালজিক হৈ পৰা তেওঁলোকে উল্লেখ কৰে। আজি বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজতো দেখা গল পাৰভঙা উছাহ । বিদ্যালয়ত এইধৰণৰ উখল মাখল পৰিৱেশ দেখি আনন্দিত অন্যান্য ছাত্ৰ ছাত্ৰীসকলো। অনুষ্ঠানত বিহু নৃত্য, ঝুমুৰ নৃত্য, বাগৰুম্বা নৃত্যৰ লগতে স্বৰচিত কবিতা পাঠ কৰা হয়।

Leave A Reply