৬ মাৰ্চ, ২০২৫ঃ Amarnath yatra । সমূহ ভক্তপ্ৰাণ ৰাইজলৈ সুখবৰ! এইবাৰো পূণ্যৰ বাবে অমৰনাথ যাত্ৰাৰ আয়োজন কৰা হৈছে। ইতিমধ্যে যাত্ৰাৰ সময়সূচী নিৰ্ধাৰণ কৰা হৈছে আৰু এইবাৰ মাত্ৰ ৩৮ দিন ধৰি চলিব।
জম্মু-কাশ্মীৰৰ অমৰনাথ শ্ৰাইন ব’ৰ্ডৰ অধ্যক্ষ তথা ৰাজ্যপাল মনোজ সিনহাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত লোৱা হয়। বৈঠকত জম্মু-কাশ্মীৰৰ ডিজিপি নলিন প্ৰভাত, মুখ্য সচিব অটল ধুল্লুসহ বহু জ্যেষ্ঠ বিষয়াই অংশগ্ৰহণ কৰে। যাত্ৰাৰ সময়সূচী অনুসৰি, ৩ জুলাইৰ পৰা আৰম্ভ হৈ ৯ আগষ্টত এই পূণ্য যাত্ৰা সম্পন্ন হ’ব।
এইবাৰ যাত্ৰা কিমান দিনৰ?
প্ৰতি বছৰৰ দৰে এইবাৰো লক্ষাধিক ভক্তে অমৰনাথ যাত্ৰাত অংশগ্ৰহণ কৰিব। সচৰাচৰ ৪৫-৬০ দিন ধৰি চলা এই যাত্ৰাৰ সময়সীমা এইবাৰ কমাই ৩৮ দিন কৰা হৈছে। ২০২৪ চনত ২৯ জুনৰ পৰা ১৯ আগষ্টলৈকে যাত্ৰা হৈছিল, কিন্তু এইবাৰ ৰাখী বন্ধনৰ দিনাই যাত্ৰা সম্পূৰ্ণ হ’ব।
যাত্ৰাৰ বিশেষ ব্যৱস্থা আৰু নিৰাপত্তা
চৰকাৰ আৰু অমৰনাথ শ্ৰাইন ব’ৰ্ডৰ উদ্যোগত যাত্ৰাসন্ধি বিশেষ সুবিধাৰ ব্যৱস্থা কৰা হৈছে। ভক্তসকলৰ সুবিধাৰ বাবে থকাৰ ব্যৱস্থা, চিকিৎসা সুবিধাৰ লগতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
কিদৰে নাম পঞ্জীয়ন কৰিব?
যোৱা বছৰৰ দৰে এইবাৰো অনলাইন আৰু অফলাইন দুই পদ্ধতিৰে পঞ্জীয়ন চলিব। ভক্তসকলে নাম পঞ্জীয়ন কৰাৰ বাবে আধাৰ কাৰ্ড, পাছপ’ৰ্ট, ভোটাৰ আইডি, ড্ৰাইভিং লাইচেন্স আদি নথিপত্ৰৰ লগতে পাছপ’ৰ্টৰ আকাৰৰ ফটো প্ৰয়োজন হব।
অমৰনাথ যাত্ৰাৰ আধ্যাত্মিকতা
হিন্দু ধৰ্মৰ অন্যতম পবিত্ৰ তীৰ্থস্থান অমৰনাথ, য’ত ভগৱান শিৱৰ স্বাভাৱিক বৰফৰ শিৱলিংগ দেখা যায়। কঠিন পথলৈকো ভয় নকৰি, ভক্তসকলে নিষ্ঠাৰে এই যাত্ৰা কৰে। মানুহৰ গভীৰ আস্থা আৰু বিশ্বাস জড়িত থাকিবৰ বাবে, এই যাত্ৰাৰ মাহাত্ম্য অতি গভীৰ।
ভক্তসকলে অমৰনাথ যাত্ৰাত অংশ লবলৈ আগ্ৰহী হলে আগতীয়াকৈ প্ৰস্তুতি লওক আৰু নাম পঞ্জীয়ন নিশ্চিত কৰক।