Breaking

আম্বানী জীয়ে মোৰ মাৰ কেন্সাৰ চিকিৎসাত সহায় কৰি আছে: ৰাখী সাৱন্ত

0 69

শেহতীয়াকৈ ৰাখী সাৱন্তই প্ৰকাশ কৰিছে যে আম্বানীয়ে তেওঁক মাতৃৰ চিকিৎসাত সহায় কৰি আহিছে। অনুৰাগীৰ সৈতে মত বিনিময় কৰিও তাই একে কথাই কয়৷

ৰাখী সাৱন্ত- “মই অম্বানী জীক ধন্যবাদ জনাইছো। মাৰ চিকিৎসাত তেওঁ সহায় কৰি আছে।” লগতে উন্নত চিকিৎসাৰ বাবে মাতৃক ক্ৰিটিকেয়াৰ হাস্পতাললৈ স্থানান্তৰ কৰা বুলিও প্ৰকাশ কৰে।

বিগ বছৰ খ্যাতিগৰাকীয়ে ভিডিঅ’টোৰ ওপৰত মন্তব্য কৰি কয় যে, “মই তাইক ভাল কৰিবলৈ সকলো কৰি আছো it’s not matter off money or anything pry from my mom.” (sic) ভিডিঅ’টোৰ ওপৰত কেইবাজনো নেটিজেনে মন্তব্য কৰি আহিছে। তেওঁলোকৰ বহুতেই ৰাখীক ট্ৰলিং কৰি আছে তাইৰ এই আচৰণৰ বাবে।

মগজুৰ কৰ্কট ৰোগৰ সৈতে যুঁজি অহা মাতৃৰ চিকিৎসাৰ ক্ষেত্ৰত কোটিপতি উদ্যোগপতি মুকেশ আম্বানীয়ে সহায় কৰিছে বুলি অভিনেত্ৰী ৰাখী সাৱন্তে প্ৰকাশ কৰিছে।

আম্বানীক ধন্যবাদ জ্ঞাপন কৰিছোঁ বুলি উল্লেখ কৰি সাৱন্তই কয় যে চিকিৎসাৰ ক্ষেত্ৰত আন লোকেও সহায় কৰিবলৈ আগবাঢ়ি আহিছে। ৰাখীয়ে প্ৰকাশ কৰে যে মোৰ মাৰ শৰীৰৰ আধা অংশ পক্ষাঘাতগ্ৰস্ত হৈছে।

যোৱা কেইদিনমানৰ পৰা ৰাখী সাৱন্তই শিৰোনাম দখল কৰি আহিছে, কাৰণ আদিল খান দুৰানীৰ সৈতে তেওঁৰ জটিল বিবাহ আৰু কেন্সাৰৰ সৈতে মাতৃ জয়াৰ যুঁজ। যিহেতু আদিল খানে বিতৰ্কিত ডিভাগৰাকীৰ সৈতে নিজৰ বিবাহ গ্ৰহণ কৰিছে, সেয়েহে এতিয়া মাকৰ অসুস্থতাৰ বাবে চিন্তিত হৈ পৰিছে মেইন হুন না অভিনেত্ৰীগৰাকী।

Leave A Reply