Breaking

ব্যয় বহন কৰিব পাৰিলে আপুনিও পাব জেড প্লাছ নিৰাপত্তা

0 25

দৈনন্দিন বাৰ্তা সেৱাঃ কিছুদিনৰ পূৰ্বে বোম্বে উচ্চ ন্যায়ালয়ে জাৰি কৰা এক নিৰ্দেশ জাৰি কৰিছিল যি নাগৰিকৰ জীৱনৰ প্ৰতি আশংকা আছে আৰু যিসকেল নিজৰ নিৰাপত্তা ব্যয় বহন কৰিব পাৰে, একমাত্ৰ তেওঁলোককে জেড প্লাছ চৰকাৰী নিৰাপত্তা প্ৰদান কৰা উচিত। বোম্বে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই হিমাংশু অগ্ৰৱাল নামৰ লোক এজনে উচ্চতম ন্যায়ালয়ত তৰা এটা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে।

হিমাংশু অগ্ৰৱালে অভিযোগ অনুসৰি আম্বানী ভ্ৰাতৃদ্বয়ৰ নিৰাপত্তাৰ বাবে দেশৰ জনসাধাৰণৰ ধন ব্যৱহাৰ হৈ আহিছে। তেওঁলোক যথেষ্ট ধনী আৰু নিজৰ নিৰাপত্তাৰ খৰচ নিজে বহন কৰাত সক্ষম। গতিকে আম্বানী ভ্ৰাতৃদ্বয়ক দিয়া চৰকাৰী জেড প্লাছ নিৰাপত্তা প্ৰত্যাহাৰ কৰা হওক। মুকেশ আম্বানী আৰু অনিল আম্বানীৰ জেড প্লাছ নিৰাপত্তা প্ৰত্যাহাৰৰ বাবে জনোৱা আবেদন বোম্বে উচ্চ ন্যায়ালয়ৰ ৰায়ক সমৰ্থন জনালে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে।

উচ্চতম ন্যায়ালয়ে লগতে স্পষ্ট কৰি দিয়ে যে জীৱনৰ সংশয় থাকিলে আৰু সংশ্লিষ্ট চৰকাৰী নিৰাপত্তাৰ ব্যয় বহন কৰিব পাৰিলে ব্যক্তিবিশেষক জেড প্লাছ নিৰাপত্তা প্ৰদান কৰা হ’ব।

Leave A Reply