Breaking

ফুটবলৰ উন্নতি আৰু সংযোগ শীৰ্ষক অভিলাষী আঁচনি

0 2,013

গ্ৰামাঞ্চলৰ ল’ৰা-ছোৱালীসমূহক ক্ৰীড়া-সংস্কৃতি, শিক্ষাকে ধৰি অন্যান্য  বিভিন্ন ক্ষেত্ৰত দীৰ্ঘ দিনৰে পৰা জনপ্ৰিয় উদ্যোগিক প্ৰতিষ্ঠান উজনিৰ অইল ইণ্ডিয়া লিমিটেড, দুলিয়াজানে  ৰাইজক সহায়-সহযোগিতা আগবঢ়ায়ই আহিছে। এইবাৰ অগ্ৰণী প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেড, দুলিয়াজানে নিজাববীয়াকৈ সুপৰিকল্পিত ভাবে গ্ৰামাঞ্চলৰ ল’ৰা-ছোৱালীসমূহক ক্ৰীড়াৰ অন্তৰ্গত ফুটবলৰ ক্ষেত্ৰখনত  এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছে । অইল ইণ্ডিয়া লিমিটেডে ‘ অইল লক্ষ্যঃ ফুটবলৰ উন্নতি আৰু সংযোগ (Football promoted and communicate) শীৰ্ষক এখন অভিলাষী আঁচনিৰ আধাৰত   চাবুৱাকে কেইবাটাও অঞ্চলক প্ৰক্ষেপ কৰি মুঠ পাঁচটা স্থানত ( জ’নত বিভক্ত ) ১৩  আৰু ১৫ বছৰ অনুৰ্ধ্ব বয়সৰ ল’ৰা-ছোৱালী উভয়কে উপযুক্ত প্ৰশিক্ষকৰ যোগেদি একোজন পৈণত ফুটবল খেলুৱৈ ৰূপে নিৰ্মাণৰ লক্ষ্য বান্ধি লৈছে। এই আচঁনিৰ অধীনত প্ৰথমটো প্ৰশিক্ষণ শিবিৰ ৭ অক্টোবৰত শুভাৰম্ভ হয় চাবুৱাৰ অন্যতম অনুষ্ঠান ত্ৰিনয়নজ্যোতি সংঘৰ খেল পথাৰত। চাবুৱা ইউনাইটেড ফুটবল ক্লাবৰ উদ্যোগত হ’বলগীয়া উক্ত জ’নৰ শিবিৰ উদ্বোধনী অনুষ্ঠানত অইল ইণ্ডিয়া লিমিটেডৰ জ্যেষ্ঠ জনসম্পৰ্কৰক্ষী বিষয়া প্ৰাঞ্জল নেওগ, সুদীপ্তা মহন্ত, চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক পোণাকন বৰুৱা, চাবুৱা ক্ৰীড়া সন্থাৰ সভাপতি তথা যুৱ নেতা মৃদুল ৰাজখোৱা, প্ৰসিদ্ধ ফুটবল খেলুৱৈ তথা ফুটবল প্ৰশিক্ষক তচেন বৰা, প্ৰাক্তন ফুটবল খেলুৱৈ স্বাধীন ডেকাৰজা, ফণীধৰ গগৈ, অসম ফুটবল সন্থাৰ উপ সভাপতি ৰমেশ ফুকন, ক্ৰীড়া সাংবাদিক তথা  ফুটবল ৰেফাৰী শশীন্দ্ৰলাল ভূঞাকে ধৰি বহু গন্যমান্য লোক উপস্থিত থাকে। উল্লেখ্য যে ক্ৰীড়া সংগঠক দিলীপ বড়া আৰু সিমান্ত বড়াই আঁতধৰা প্ৰথমটো জ’নৰ প্ৰশিক্ষণ শিবিৰত ইউনাইটেড এফ চিৰ ১২০ গৰাকী আৰু অন্যান্য ক্লাবৰ পৰা অহা ৮০ জন সৰ্বমুঠ ২০০ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে।  অন্যহাতে চাবুৱা মণ্ডলত প্ৰশিক্ষক ভাস্কৰ গগৈয়ে প্ৰশিক্ষণ প্ৰদান কৰাৰ বিপৰীতে কমুৱাহাটত জূলেন চাব্ৰাই, কৰৎ জঙ্গলত মামু চাউদাঙে, ৰহমৰীয়াত ইন্দ্ৰজিৎ চেতিয়াই আৰু দেওহাল- হাতীমৰাত মনোজ ৰাজপুতে প্ৰশিক্ষণ প্ৰদান কৰিব। অতি সোনকালেই অন্যান্য স্থানকেইটাত প্ৰশিক্ষণৰ শুভাৰম্ভ কৰিব বুলি জানিব পৰা গৈছে। 

Leave A Reply