Breaking

আমেৰিকান ফ’ক-ৰক ষ্টাৰ ডেভিদ ক্ৰছবীৰ পৰলোকপ্ৰাপ্তি ৮১ বছৰ বয়সত…

0 33

আমেৰিকান ফ’ক-ৰক ষ্টাৰ ডেভিদ ক্ৰছবীৰ পৰলোকপ্ৰাপ্তি ঘটিছে। ৮১ বছৰ বয়সত সংগীত তাৰকাগৰাকীয়ে ইহলীলা সম্বৰণ কৰে। তেওঁৰ পৰিয়ালৰ সদস্যসকলে তেওঁৰ মৃত্যু নিশ্চিত কৰিছে।

১৯৬০-ৰ দশকত তেওঁ দুটা প্ৰসিদ্ধ বেণ্ড দ্য বাৰ্ডছ এণ্ড ক্ৰছবী আৰু ষ্টীলছ এণ্ড নেছ প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ৰক প্ৰেমীসকলে তেওঁৰ গীটাৰ আৰু সুৰৰ মূৰ্চ্ছনাত মুগ্ধ হৈ আহিছে।

তেওঁ তেওঁৰ জীৱনকালত কেইবাটাও বঁটা লাভ কৰিছে।তেওঁৰ মৃত্যুৱে আমেৰিকান সংগীত জগতক শোকস্তব্ধ কৰি তুলিছে। তেওঁৰ প্ৰাক্তন সহকৰ্মী গ্ৰাহাম নেশে এইদৰে কৈছে: “মই দুখৰ সাগৰত উপঙি আছোঁ।‘’

১৯৪১ চনৰ ১৪ আগষ্টত ক্ৰছবীৰ জন্ম হৈছিল। তেওঁ হলীউডৰ অস্কাৰ বিজয়ী চিত্ৰগ্ৰহণকাৰী ফ্লয়ড ক্ৰছবীৰ পুত্ৰ। ক্ৰছবীয়ে ১৯৬৪ চনত প্ৰথমবাৰৰ বাবে সংগীত উদ্যোগত ভৰি দিছিল।

Leave A Reply