Breaking

ভাৰতত গাড়ীৰ নির্মাণকার্য বন্ধৰ সিদ্ধান্ত আমেৰিকান মটৰ কোম্পানী ফ’ৰ্ডৰ

0 1,532

মটৰ গাড়ী নির্মাণ কোম্পানী ফ’র্ডে ভাৰতত গাড়ী নির্মাণৰ কাম বন্ধ কৰিব৷ বৃহস্পতিবাৰে ফ’ৰ্ড মটৰ কোম্পানীয়ে এই কথা ঘোষণা কৰিছে৷ উল্লেখনীয় যে কোম্পানীটোৱে ইতিমধ্যে ছানান্দ আৰু চেন্নাইস্থিত গাড়ী প্রস্তুত কাৰখানা দুটা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে৷ স্মর্তব্য যে বিগত ১০ বছৰ ধৰি ফ’ড মটৰ কোম্পানী ভাৰতত যথেষ্ট ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে৷ কোম্পানীটোৰ এই সিদ্ধান্তৰ ফলত কমপক্ষেও চাৰি হাজাৰ কর্মচাৰী সংকটৰ সন্মুখীন হ’ব৷

গুজৰাটৰ ছানান্দত চলিত বর্ষৰ অন্তিম চাৰিটা মাহৰ পৰাই বাহিৰত ৰপ্তানি কৰিবলগীয়া বাহনৰ নির্মাণ বন্ধ কৰিব ফ’র্ডে৷ সেইদৰে চেন্নাইত ২০২২ৰ দ্বিতীয় ষাণ্মাসিকৰ পৰা বাহন তথা যান্ত্রিক নির্মাণকার্য বন্ধ কৰিব বুলি এক বিবৃতিত সদৰী কৰিছে৷ আমেৰিকান কোম্পানীটোৱে এই সিদ্ধান্ত লোৱাৰ লগে লগে কর্মচাৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ স্মর্তব্য যে ফ’ৰ্ড মাত্র কেইবছৰমান পূর্বে ভাৰতত বাণিজ্যিক উদ্দেশ্যত প্রৱেশ কৰা আমেৰিকাৰ জেনেৰেল মটৰছে ২০১৭ৰ পৰা গাড়ী বিক্রী বন্ধ কৰিছিল৷ ফ’ৰ্ড বিবৃতিত উল্লেখ কৰা অনুসৰি এটা দশকত কোম্পানীটোৰ ভাৰতত লোকচান হৈছে ২০০ কোটিতকৈ অধিক ডলাৰ৷

Leave A Reply