Breaking

অ’মিক্ৰনক লৈ সাৱধানবাণী স্বাস্থ্যমন্ত্ৰীৰ

0 2,019

দেশবাসীয়ে ২০২২তো সহবাস কৰিব লাগিব নেকি ক’ভিডৰ সৈতে? লকডাউনে বিধ্বস্ত কৰা অৰ্থনীতিকে আৰম্ভ কৰি ছাত্ৰ-ছাত্ৰীৰ শিক্ষাজীৱন পুনৰ মূৰ দাঙি উঠাৰ সময়তে অ’মিক্ৰনৰ শংকাই খেদিছে চৰকাৰকে ধৰি সাধাৰণ জনতাক৷ এতিয়াই যদি সাৱধান নহয় তেনেহ’লে পুনৰ লকডাউন, সান্ধ্যআইনৰ মেৰপাকত সোমাই পৰিব পাৰে দেশৰ লগতে অসমবাসীয়েও৷ ইতিমধ্যে দ্ৰুতগতিত শিপাবলৈ আৰম্ভ কৰা ক’ভিডৰ প্ৰজাতি অ’মিক্ৰনৰ ফলত ৰাজধানী দিল্লী, মুম্বাইকে ধৰি বহুকেইখন চহৰত কঠোৰ হৈছে নীতি-নিৰ্দেশনা৷ বাতিল কৰা হৈছে নৱবৰ্ষৰ উদযাপন অনুষ্ঠান৷ জনসমাগমৰ ক্ষেত্ৰতো কঠোৰ হৈছে চৰকাৰ প্ৰশাসন৷ অ’মিক্ৰনৰ সংক্ৰমণ বৃদ্ধিৰ সময়তে আজি এনএইচএম কাৰ্যালয়ত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এক সংবাদমেল সম্বোধন কৰে।

ভাৰতত তিনিদিনত তিনিগুণ বৃদ্ধি পাইছে অমিক্ৰণৰ সংক্ৰমণ৷ অৱশ্যে অসমত এতিয়াও এজনো আক্ৰান্ত হোৱা নাই যদিও স্বাস্থ্যবিভাগ যথেষ্ট সতৰ্ক হৈ থকাৰ কথা জানিবলৈ দিয়ে৷ ২০২১ বৰ্ষত মুঠ ৬ লাখ ২০ হাজাৰ ৫৬৩ গৰাকী লোক ক’ভিড আক্রান্ত হৈছিল। ইয়াৰ ভিতৰত আৰোগ্যলাভ কৰিছে ৬লাখ ১২ হাজাৰ ২৮২গৰাকী আৰু মৃত্যু হৈছে ৬১৬৪গৰাকী লোকৰ।

৭ দিনৰ ভিতৰত প্ৰতিষেধক সম্পন্ন কৰাৰ লক্ষ্যঃ

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰদিনৰ দিনটোত কিশোৰ-কিশোৰীসকলক প্ৰতিষেধক প্ৰদানৰ কথা ঘোষণা কৰে৷ ৩ জানুৱাৰীৰ পৰা ৯জানুৱাৰীৰ ভিতৰত স্কুল-কলেজসমূহত ভেকচিন সম্পন্ন কৰাৰ লক্ষ্য কৰি লোৱা হৈছে৷ মুঠ ৭ দিনৰ ভিতৰত প্ৰতিষেধক সম্পন্ন কৰাৰ লক্ষ্য কৰিছে স্বাস্থ্য বিভাগে৷ অসমৰ ২০লাখ ছাত্র-ছাত্ৰীক কোভাক্সিন দিয়াৰ লক্ষ্য কৰিছে চৰকাৰে। ৬০বছৰৰ উৰ্ধ্বৰ যিসকল ব্যক্তিয়ে ভেকচিন লোৱাৰ ৯ মাহ সময় পাৰ কৰিছে সেইসকলক বুষ্টাৰ ড’জ দিয়া হ’ব। 

ইপিনে ক’ভিডৰ বাবে বিগত দুটাকৈ বৰ্ষত শিক্ষাৰ্থীসকল সন্মুখীন হৈছিল যথেষ্ট লোকচানৰ৷ বিগত বৰ্ষত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা অনলাইন হোৱা বাবে যথেষ্ট বিসংগতিয়ে দেখা দিছিল৷ এইবাৰ সকলো পৰীক্ষা অনলাইন নহয়, অফলাইনতে অনুষ্ঠিত কৰা হ’ব বুলি জানিবলৈ দিয়ে৷ ২০২২ৰ ১৫ মাৰ্চৰ পৰা মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ’ব। সেয়েহে সকলো অভিভাৱকে নিজৰ সন্তানক ভেকচিন দিয়াবলৈ আহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰীয়ে।

আনহাতে, বৰ্তমানলৈকে ৩ কোটি ৭৫ লাখ লোকক ক’ভিড ভেকচিন দিয়াৰ কথা উল্লেখ কৰে৷ লগতে ২ কোটি ১৭ লাখক দিয়া হৈছে প্ৰথমপালি ভেকচিন আৰু ১ কোটি ৫৮ লাখক দ্বিতীয়পালি ভেকচিন প্ৰদান কৰা হৈছে বুলিও লগতে জানিবলৈ দিয়ে৷ উল্লেখ্য যে অ’মিক্ৰনৰ বাবে চৰকাৰ সাজু হৈ আছে৷ মুঠ ৯,০০০বিছনা সাজু হৈ থকাৰ লগতে এসপ্তাহৰ ভিতৰত আৰু ২৫,০০০বিছনা। বৰ্তমান ১,০০০আই চি ইউ বেডৰ লগতে ২,৬০০ অক্সিজেন বেড সাজু কৰিছে চৰকাৰে। অ’মিক্ৰনৰ ভেৰিয়েণ্টৰ নমুনা পৰীক্ষা কৰিবলৈ জিএম এইচত এটা লেবো সাজু কৰা হৈছে বুলি সংবাদমেলত জনায় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে৷

Leave A Reply