Breaking

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী মোডীক বৰ্তমানৰ হিংসা-পীড়িত মণিপুৰৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰে

0 70

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি আৰু ৰাজ্যৰ স্বাভাৱিক অৱস্থা পুনৰ ঘূৰাই অনাৰ বাবে কেন্দ্ৰই গ্ৰহণ কৰা পদক্ষেপৰ ওপৰত মূল্যায়ন কৰে৷

উল্লেখ্য যে সোমবাৰে পুৱাই পাঁচদিনীয়া আমেৰিকা আৰু ইজিপ্ত ভ্ৰমণৰ পৰা উভতি আহিল প্ৰধানমন্ত্ৰী মোডী।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰি হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত ৰাজ্যখনৰ বিৱৰ্তনশীল পৰিস্থিতিৰ বিষয়ে অৱগত কৰাৰ এদিন পিছতে প্ৰধানমন্ত্ৰীলৈ গৃহমন্ত্ৰী শ্বাহৰ এই ব্রিফিং।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ স্বাভাৱিক অৱস্থা পুনৰ ঘূৰাই অনাৰ বাবে কেন্দ্ৰই সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে বুলি দেওবাৰে টুইটযোগে প্ৰকাশ কৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে।

ইয়াৰ পূৰ্বে শনিবাৰে অমিত শ্বাহৰ সভাপতিত্বত এখন সৰ্বদলীয় বৈঠকতো মণিপুৰৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা হয়। সূত্ৰ অনুসৰি এই বৈঠকত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা আৰু চি পি আই (এম)ৰ সাংসদ জন ব্ৰিটাছকে ধৰি অন্যান্য নেতা উপস্থিত থাকে।

উল্লেখযোগ্য যে হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত উত্তৰ-পূবৰ ৰাজ্যখনে ৩ মে’ৰ পৰা ধ্বংস আৰু অগ্নিসংযোগৰ কাণ্ডৰ সাক্ষী হৈ আহিছে য’ত শ শ লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছে।

আনহাতে, কৰ্তৃপক্ষই ৩০ জুনলৈ সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত ৰাজ্যত আৰু পাঁচ দিনৰ বাবে ইণ্টাৰনেট সেৱা স্থগিত ৰখা হ’ব। ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ অপব্যৱহাৰৰ ফলত আইন-শৃংখলাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ উদ্বেগ প্ৰকাশ পাইছে।

Leave A Reply