Breaking

গো-শালাৰ উচিত তদন্ত বিচাৰি জিলা উপায়ুক্ত লৈ আমছুৰ স্মাৰক পত্ৰ প্ৰদান

0 69

ৰঙামাটিস্থিত DHAYAN FOUNDATION নামৰ N.G.O.ৰ গো-শালাৰ উচিত তদন্ত বিচাৰি চাপৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে জিলা উপায়ুক্ত লৈ ৰঙামাটি আঞ্চলিক আমছুয়ে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।


ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰঙামাটি হলদিবাৰীত চৰকাৰীভাৱে DHAYAN FOUNDATION নামৰ NGO ৰ দ্বাৰা স্থাপন কৰা গো-শালাত প্ৰায় প্ৰতিদিনেই মৃত্যু হৈ আছে গৰু,। মৃত গৰুবোৰ ওচৰতে গাত খান্দি পুতি থোৱা পৰিলক্ষিত হয় যদিও গাতৰ পৰা দুৰ্গোন্ধ ওলাই পৰিৱেশ দুষিত হৈ পৰাও দেখা যায়। এই সম্পর্কে প্ৰকৃত কাৰণ জানিব বিচৰাত হিন্দি ভাষী তত্বাৱধায়কে ওলোটাকৈ সাংবাদিকৰ পৰিচয় লয় আৰু সাংবাদিককেই নানা ধৰণৰ কথাৰে ভয় খুৱাবলৈ হে চেষ্টা কৰে । ইপিনে স্থানীয় আৰক্ষী প্ৰশাসনৰ লগত যোগাযোগ কৰিলে জিলা উপাুক্তৰ দোহাই দিয়া পৰিলক্ষিত হয় । 

এতিয়া প্ৰশ্ন হয় যদি জিলা উপায়ুক্তৰ তত্বাৱধানতেই গো-শালাখন নিয়ম -নীতিৰ মাজত চলিছে তেন্তে গো-শালাৰ ভিতৰৰ নিৰ্ভৰযোগ্য বাতৰি সম্প্ৰচাৰ কৰিবলৈ সাংবাদিকক বাধা আৰোপ কৰা হয় কিয়? ইপিনে গো-শালাত খাদ্যৰ অভাৱত গৰুৰ শাৰীৰিক অৱস্থা দুৰ্বল হৈ দৈনিক গো-মাতাই মৃত্যুবৰণ কৰিবলগীয়া হৈছে কিয় ? প্ৰকৃত তথ্য লুকাই ৰখাৰ আঁৰৰ ৰহস্য কি ? এই ক্ষেত্রত জিলা উপায়ুক্তৰ হস্তক্ষেপ বিচাৰি চাপৰ চক্ৰ বিষয়াৰ জৰিয়তে ৰঙামাটি আঞ্চলিক আমছু এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।

Leave A Reply