Breaking

বাঘবৰৰ আলোপতি-মাজৰচৰত মূল্যবৃদ্ধিক লৈ আমছুৰ প্ৰতিবাদ, দুঘন্টীয়া অৱস্হান ধৰ্মঘট …..

0 45

বাঘবৰৰ আলোপতি-মাজৰচৰত মূল্যবৃদ্ধিক লৈ আমছুৰ প্ৰতিবাদ, দুঘন্টীয়া অৱস্হান ধৰ্মঘট ৷ বস্তুৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দক্ষিণ বৰপেটা জিলা আমছুৰ দুঘন্টীয়া অৱস্হান ধৰ্মঘট কাৰ্যসূচীৰ লগতে সাৱস্ত্য কৰে তীব্ৰ প্ৰতিবাদ৷

আলোপতিচৰ আৰক্ষী থানাৰ সন্মুখত জিলা আমছুৰ কৰ্মকৰ্তা সকলে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীৰ ৷সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ (আমছুৰ) কেন্দ্ৰী সমিতিৰ নিৰ্দেশ মৰ্মে নিত্য ব্যৱহৃত সা-সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীৰে দক্ষিণ বৰপেটা জিলা আমছুয়ে বিভিন্ন ধৰণৰ শ্লোগান আওৰাই চৰকাৰ তথা যোগান বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদী কাৰ্যসূচীৰ লগতে দুঘন্টীয়া অৱস্হান ধৰ্মঘট কৰ্যসূচী ৰূপায়ণ কৰে ৷

অচিৰেই চৰকাৰ তথা যোগান বিভাগে অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ নকৰিলে চৰকাৰ তথা যোগান বিভাগৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত তীব্ৰভাবে গণতান্ত্ৰিক আন্দোলনৰ কৰ্যসূচী হাতত লব বুলিও আমছুয়ে চৰকাৰক সকিয়াই দিয়ে ৷

Leave A Reply