Breaking

চিৰাঙত আমছুৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দুদিনীয়া কাৰ্য্যসুচিৰ সামৰণী

0 1,024

বিটিচিত বসবাস কৰা প্ৰকৃত ভাৰতীয় নাগৰিক যাতে হাৰাশাস্তিৰ সন্মুখীন নহয়, তাৰ বাবে বিটিচি প্ৰশাসনে গুৰুত্ব সহকাৰে বিষয়টো বিবেচনা কৰিছে ৷ এই মন্তব্য কৰিছে বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে ৷ আজি চিৰাং জিলাৰ আইনৈৰ পাৰত হাগ্ৰামা দলঙৰ কাষত তুলসীঝৰা গাঁৱত অনুষ্ঠিত সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি ডি ভোটাৰৰ বিষয়টো ৰাজ্য চৰকাৰৰ ৷ বিটিচিত যাতে প্ৰকৃত ভাৰতীয় নাগৰিক হাৰাশাস্তিৰ সন্মুখীন নহয় তাৰ বাবে বিটিচি প্ৰশাসনে কেবাজনো অধিবক্তা নিয়োগ কৰা ইয়াৰ পৰামৰ্শ গ্ৰহণ কৰি ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ মত প্ৰকাশ কৰে ৷ তেওঁ প্ৰকাশ কৰে যে, বিগত ২০০৩ চনৰ ২০ ফেব্ৰুৱাৰীৰ পাছত অহা কোনো লোককে বিটিচিত থাকিবলৈ দিয়া নহব ৷

সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়নৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি ত্ৰিপুৰাৰ সমাজকৰ্নী, সংখ্যালঘু আৰু জনজাতি ৰাইজৰ হকে কাম কৰি অহা প্ৰদ্যুত বিক্ৰম মাণিক্য দেৱশৰ্মাই দেশৰ সংবিধানে প্ৰদান কৰা মৌলিক অধিকাৰ লাভৰ বাবে প্ৰতিজন নাগৰিকে যুঁজ দিব লাগিব বুলি মন্তব্য কৰে ৷ তেওঁ অসমৰ সংখ্যালঘূ সকলৰ উন্নয়নৰ হকে কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ তেওঁ ৰাজনৈতিক দল সমূহৰ নেতা সকলে ৰাইজৰ ভোট লাভৰ জৰিয়তে ক্ষমতা দখল কৰি ৰাইজৰ দুখ দুৰ্দশা, সমস্যাৰ কথা পাহৰি যায় বুলি কয় ৷ একেদৰে গণতন্ত্ৰৰ নামত প্ৰকৃত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমি দায়বদ্ধ হলে ৰাজনৈতিক নেতা সকলে কৰি অহা বঞ্চনা পৰিহাৰ কৰিব বুলি প্ৰকাশ কৰে৷

সভাত মণিপুৰ ৰাজ্যৰ পৰা মণিপুৰ মুছলীম ছাত্ৰ সন্থাৰ সভাপতি খাঁ আয়ুয় শ্বাহ সন্মানীয় অতিথিৰূপে উপস্থিত থাকি মণিপুৰৰ মুছলিম সমাজৰ ইতিহাস, সমাজ ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰে ৷ আমছুৰ উপদেষ্টা আইনুদ্দিন আহমেদে মুকলি কৰি আমছুৰ কাম কাজ আৰু অধিক মৌলিক হোৱাটো কামনা কৰাৰ লগতে বিটিচিত সংখ্যালঘু জনগোষ্ঠীটোৰ উন্নয়ন কৰাৰ বাবে এগৰাকী কাৰ্যকৰী সদস্য মনোনীত কৰাৰ বাবে বিটিচি প্ৰশাসনক আহ্বান জনায় ৷ সভাত আমছুৰ প্ৰাক্তন সভাপতি ছানছুল হক, ছবিৰ ৰহমান, সাংবাদিক আফ্ৰিদা হুছেইন সহ কেবাজনো অতিথিয়ে ধৰ্মীয় সংখ্যালঘু সমাজ আজিও চৰকাৰৰ পৰা অৱহেলিত হৈ অহা বুলি আক্ষেপ প্ৰকাশ কৰে ৰাজ্য খনৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধি আৰু কেবাহেজাৰ লোকে অংশগ্ৰহণ কৰা অনুষ্ঠানত এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ লগতে এখনি আলোচনী উন্মোচন কৰা হয় ৷

উল্লেখযোগ্য যে,আমছুৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে সংগঠনটোৱে দুদিনীয়াকৈ অনুষ্ঠিত কৰা ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্ৰথম দিনা ছাত্ৰ- ছাত্ৰীৰ মাজত তৰ্ক প্ৰতিযোগিতা, চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷ চিৰাং জিলাৰ তুলসীঝৰা আই নৈৰ পাৰত চিৰাং জিলা সমিতিৰ উদ্যোগত আৰু বিজনী জিলা সমিতিৰ সহযোগত অনুষ্ঠিত বুধবাৰে মূল পতাকাৰ লগতে ৪২ খন পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱসৰ শুভাৰম্ভ কৰা হয় ৷ প্ৰতিষ্ঠা দিৱসত আলোচনা চক্ৰ, ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকণ, সদৌ অসম ভিত্তিত কুইজ প্ৰতিযোগিতা আৰু তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ বৃহস্পতি বাৰে আমছুৰ দুদিনীয়া কাৰ্য্যসুচিৰে অনুষ্টিত প্ৰতিষ্টা দিৱসৰ সামৰণী পৰে। নিশা বাবু বৰুৱাকে আদি কৰি কেবাগৰাকি শিল্পিৰ সাংস্কৃতিক সন্ধীয়াৰ অনুষ্টান অনুষ্টিত হয়।

Leave A Reply