Breaking

এক প্ৰাপ্তি আৰু আনন্দৰ দিন! মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে প্ৰদান কৰিলে নিযুক্তি পত্ৰ। ২৪টা বিভাগৰ ১১,২৩৬ গৰাকী যুৱক-যুৱতীয়ে মুখ্যমন্ত্ৰীৰ পৰা গ্ৰহণ কৰিলে নিযুক্তি পত্ৰ

0 93

আজিৰ দিনটো ৰাজ্যৰ ইতিহাসত আন এক প্ৰাপ্তি আৰু আনন্দৰ দিন। ৰাজ্যৰ ১ লাখ যুৱক-যুৱতীক চৰকাৰী কৰ্মসংস্থাপন প্ৰদানৰ অংশ হিচাপে আজি খানাপাৰাত ৰাজ্যৰ ২৪টা বিভাগৰ ১১,২৩৬টা পদৰ বাবে নিযুক্তি পত্ৰ বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে । চৰকাৰ গঠনৰ প্ৰথমটো বৰ্ষত ৪,৭৭৯টা নিয়মীয়া নিযুক্তি প্ৰদান কৰাৰ পাছত কাৰ্যকালৰ দ্বিতীয়টো বৰ্ষৰ চাৰি দিন যাওঁতে ১৪ মে’ত ১১টা বিভাগৰ ২২,৯৫৮টা পদৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ।

চৰকাৰে সম্পূৰ্ণ নিকা আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে মেধা আৰু যোগ্যতাৰ ভিত্তিত এই নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিছে বহুজনে মন্তব্য কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াই ৰাজ্যৰ বহু দৰিদ্ৰ পৰিয়ালৰ মাজত আনন্দৰ জোৱাৰ তুলিছে। এই আনন্দৰ মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে নিযুক্তি পত্ৰ লাভ কৰা প্ৰতিগৰাকী যুৱক-যুৱতীৰ লগতে পিতৃ-মাতৃ আৰু অভিভাৱকসকলকো আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনায়।

নৱ-নিযুক্ত প্ৰতিগৰাকী যুৱক-যুৱতীকে কৰ্মজীৱনত কোনোদিনে দুৰ্নীতিক প্ৰশ্ৰয় নিদিওঁ বুলি সংকল্পবদ্ধ হ’বলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়৷ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰায় ২৬ হাজাৰ পদৰ নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। পুনৰ ১০ হাজাৰ চৰকাৰী পদত নিযুক্তিৰ বাবে চৰকাৰে শীঘ্ৰে বিজ্ঞাপন প্ৰকাশ কৰিব৷

ৰাজ্যৰ ২ লাখ যুৱক-যুৱতীক আত্ম-সংস্থাপন দিয়াৰ দিশতো চৰকাৰে শীঘ্ৰে জনসাধাৰণক অৱগত কৰিব ৷অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, অতুল বৰা, কেশৱ মহন্ত, ডা: ৰণোজ পেগু, অজন্তা নেওগ, যোগেন মহন, সঞ্জয় কিষাণ, নন্দিতা গাৰ্লোছা, ইউ জি ব্ৰহ্ম, জয়ন্ত মল্লবৰুৱা, অশোক সিংহল, বিমল বড়া, পীযুষ হাজৰীকা, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত, অতিৰিক্ত মুখ্য সচিবসকল, বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

Leave A Reply