Breaking

পলাতক অমৃতপল সিঙক গ্ৰেপ্তাৰ কৰাৰ বাবে ছয় খন ৰাজ্যত সতৰ্কবাণী জাৰি…

0 55

১৮ মাৰ্চৰ পৰা পঞ্জাৱ আৰক্ষীৰ তালাচী অভিযান অবিৰতভাৱে চলি আছে ‘ৱাৰিছ পঞ্জাব দে’ৰ মুৰব্বী অমৃতপল সিঙক বিচাৰি উলিয়াবলৈ যদিও এতিয়ালৈকে আৰক্ষীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই।

অমৃতপল সিঙক শেষবাৰৰ বাবে দেখা গৈছিল হাৰিয়ানাৰ কুৰুক্ষেত্ৰত, তেতিয়াৰ পৰাই ৰাজ্যৰ আৰক্ষী সষ্টম হৈ আছে আৰু তালাচী অভিযান চলোৱা হৈছে।

এই ৬ খন ৰাজ্যত সতৰ্ক
চৰকাৰী তথ্য অনুসৰি পলাতক অমৃতপল সিঙৰ সন্ধানত ৬ খন ৰাজ্যত এক সতৰ্কবাণী জাৰি কৰা হৈছে। ইয়াৰ ভিতৰত আছে পঞ্জাৱ, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু হাৰিয়ানাৰ নাম। এই আটাইকেইখন ৰাজ্যতে অৱস্থিত হোটেল আৰু ধৰ্মশালাত আৰক্ষীয়ে অভিযান চলাই আছে।

কোনো কোনো ঠাইত বাহন পৰীক্ষাৰ কামো কৰা হৈছে। ৰূপ সলনি কৰিছে অমৃতপল সিঙে। এনে পৰিস্থিতিত তেওঁক চিনাক্ত কৰিবলৈ ছচিয়েল মিডিয়াৰ সহায় লোৱা হৈছে। আৰক্ষীয়ে চিচিটিভিৰ সহায়ত অমৃতপালক অনুসৰণ কৰি সময়ে সময়ে তেওঁৰ নতুন ৰূপৰ ছবি প্ৰকাশ কৰি আছে। যাতে খলিস্তানী সমৰ্থকজনক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব পৰা যায়।

Leave A Reply