Breaking

হাবি বননিৰে ভৰপূৰ এখন অংগনৱাড়ী কেন্দ্ৰ

0 2,044

ৰাজ্য চৰকাৰে সমাজ কল্যাণ বিভাগে জনকল্যাণমূলক বিভিন্ন আঁচনিৰ দ্বাৰা শিশু শিক্ষাৰ উন্নয়নৰ বাবে। যথেষ্ট পৰিমাণৰ বাজেট ৰাখে। তাৰ ভিতৰত অংগনৱাড়ী কেন্দ্ৰবোৰো সামৰি লোৱা হয়। সম্প্রতি লক ডাউনৰ প্ৰতি ৰাখি অংগনৱাড়ী কেন্দ্ৰৰ পাঠদান সমূলি বন্ধ যদিও শিশুৰ খাদ্য সামগ্রী আদি নিয়মিত ভাৱে বিভাগে কেন্দ্ৰত যোগান দি আছে। কেনেকৈ বিতৰণ কৰিছে সেয়া আমাৰ কবলৈ একো নাই কাৰণ বিভাগে হয়তো তথ্য পাতি পাই আছে। এতিয়া মূল বিষয় লৈ আহো। এই কেন্দ্ৰটিলৈ মন কৰক, কিমান সুন্দৰ ঠাই আৰু পৰিবেশত বনোৱা হৈছে। জনবহুল এলেকাৰ ওপৰিও লাহৰীঘাট বজাৰলৈ যোৱা চৰকাৰী পথৰ দাঁতিত। কেন্দ্ৰটিৰ পশ্চিম ফালে মৰিতলী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন সভাপতিৰ ঘৰ, দক্ষিণে অৰ্থাৎ যাৰ পদূলীত কেন্দ্ৰটি স্হাপন কৰা হৈছে   বৰ্তমান এই কেন্দ্ৰ পৰিচালনা সমিতিৰ সভাপতিৰ পূত্ৰৰ। পূৱফালে কেন্দ্ৰৰ  পৰা মাথো ২০০ মিটাৰ দূৰৈত ধিঙ্গৰআটি গাৱত কৰ্মী তথা B L O মাহফুজা বেগম বাইদেউৰ ঘৰ। এতিয়া হয়তো সকলোৱে ভাবি আছে কেন্দ্ৰটো নিশ্চয় বহু নামজ্বলা হব। ৰব এইখিনিতে কাহিনী শেষ হোৱা নাই, অলপ ধৈর্য ধৰি শুনক আৰু দৃশ্য বোৰ উপভোগ কৰক, কাৰণ বাতৰিৰ পিছত হয়তো কেন্দ্ৰৰ ৰূপ ৰেখা সলনি হৈ যাব। এয়া মৰিগাঁও জিলাৰ লাহৰীঘাট সংহত শিশু উন্নয়ন আঁচনিৰ অধীনস্থ ১২৪ নং মৰিতলী পথাৰ অংগনৱাড়ী কেন্দ্র।

যি কেন্দ্রত কোনো দিনেই চাইনবোৰ্ড বা ফলক লগোৱা হোৱা নাই। স্হানীয় ৰাইজৰ অভিযোগ মতে বিগত ২ বছৰ ধৰি সম্পূর্ণ ৰূপে তলা বন্ধ ৰখাত কেন্দ্ৰটিৰ ভিতৰ চৰাত হাবি জংগলে বনাঞ্চলৰ ৰূপ লৈছে। যত দিনতে সাপৰ ভয় লাগে। কেন্দ্ৰটিৰ মূধচৰ কেবাটাও টিনপাত   ধুমুহাৰ ফলত খঁহি ভিতৰতে পৰি আছে। বৰষুণৰ পানীয়ে এই হাবি জংগলৰ সৃষ্টি হৈছে। এতিয়া কথা হল কেন্দ্ৰটিৰ টিনপাত খহি পৰা, বৰষুণৰ পানী পৰি ভিতৰত প্ৰকাণ্ড গছ, বন জংগলে ছানি ধৰা এমাহ দুমাহে নহয়। অৱশ্যে অনবৰতে দুটা খীৰিকী খুলা আছে, যাৰ ফলত দৰ্শকে অনায়াসে প্ৰাকৃতিক দৃশ্য উপভোগ কৰিব পাৰে। আৰু আমাৰ সাংবাদিকেও দৃশ্যৰ ফটো, ভিজুৱেল লবলৈ সুবিধা পালে। যদি কৰ্মী বা পৰিচালনা সমিতিয়ে বিভাগীয় কতৃপক্ষক এই বিষয়ে জ্ঞাত কৰিছে তেন্তে আমাৰ কবলগীয়া একো নাই। কিন্তু এটা কথা সত্য যে ভিতৰত থকা গছৰ দৃশ্যই প্ৰমাণ কৰে যে কেই বছৰ লাগিছে ডাঙৰ হবলৈ। আমাৰ কাম সত্য পোহৰলৈ আনি দিয়া, বাকি দায়িত্ব বিভাগীয় কতৃপক্ষৰ। উল্লেখ্য যে লাহৰীঘাট সংহত শিশু উন্নয়ন আঁচনিৰ অধীনস্থ বহু কেন্দ্ৰতেই নাম ফলক পৰিলক্ষিত নহয় ইয়াৰ বা কি ৰহস্য সেয়া হয়তো অজ্ঞাত। 

Leave A Reply