Breaking

তিনিচুকীয়াত ধাননি পথাৰত মৃত অৱস্থাত উদ্ধাৰ এটি হাতী…

0 59

অসমৰ তিনিচুকীয়াৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত খাটাংপানী পেংগ্ৰীত মঙলবাৰে পুৱা এটা বনৰীয়া হাতী মৃত অৱস্থাত উদ্ধাৰ হয়। বিদ্যুৎস্পৃষ্ট হৈ হাতীটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে।

স্থানীয় ৰাইজে ধাননি পথাৰত হাতীটোৰ মৃতদেহ উদ্ধাৰ কৰি বন বিভাগৰ বিষয়াক খবৰ দিয়ে। “আমি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠিয়াইছো য’ত আমি জানিব পাৰিছো যে সন্দেহযুক্ত বিদ্যুৎস্পৃষ্ট হোৱাৰ বাবে বন্য জাম্বোটোৰ মৃত্যু হৈছে মনমৌজান পথাৰত। আমি মৃতদেহটো দাহ কৰিছো”, এজন বন বিষয়াই এইদৰে কয়।

বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ মৃত্যুক লৈ উদ্বেগ প্ৰকাশ কৰিছে পৰিৱেশবিদসকলে। বনাঞ্চলৰ আৱৰণ সংকুচিত হোৱাৰ ফলত অসমত বৃদ্ধি পাইছে মানুহ-হাতী সংঘাত। হাতীয়ে খাদ্যৰ সন্ধানত মানুহৰ বসতিস্থলত প্ৰৱেশ কৰে যাৰ ফলত সংঘাতৰ সৃষ্টি হয়।

‘বেছিভাগ হাতী কৰিড’ৰ বন্ধ হৈ থকাৰ বাবে হাতীবোৰে সমস্যাৰ সন্মুখীন হৈ আহিছে। এছিয়াৰ অন্যতম বৃহৎ হাতী কৰিড’ৰ বোগাপানী হাতী কৰিড’ৰত বেৰ দিয়া হৈছে আৰু ফলস্বৰূপে আপাৰ ডেহিং পশ্চিম ব্লকৰ হাতীবোৰে সমস্যাৰ সন্মুখীন হৈছে।’-এইদৰে কয় এজন পৰিৱেশবিদ।

Leave A Reply