Breaking

এখন ব্যতিক্ৰমী বজাৰ! আলু, পিয়াঁজ, জলকীয়াকে ধৰি সকলোধৰণৰ শাক-পাচলিৰ লগতে আছে ফল-মূল‌ আৰু কিতাপৰ দোকান; এই শাক-পাচলি ক্ৰয় কৰিবলৈ নালাগে আপোনাক টকা…

0 40

দৰঙৰ দলগাঁও-শিয়ালমাৰী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত উত্তৰ ঘিলাধাৰী প্ৰাথমিক বিদ্যালয়ত বহিছে এক আকৰ্ষণীয় অকণিৰ বজাৰ। বিদ্যালয়খনৰ কণ কণ শিক্ষাৰ্থীয়ে পাতিছে এই বজাৰ। বজাৰত কি নাই! আলু, পিয়াজ, জলকীয়াকে আদি কৰি সকলোধৰণৰ শাক-পাচলি আছে এইখন বজাৰত। লগতে আছে ফল-মূল‌ আৰু কিতাপৰ দোকান। কিন্তু বজাৰখনত নচলে আচল টকা লেনদেন কৰিব লাগিব মনোৰঞ্জন টকাৰে । এইখন ৰাজহুৱা বজাৰ নহয়, বজাৰখন ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ বাবেহে । কণ কণ শিক্ষাৰ্থীৰ শৈক্ষিক জ্ঞান বৃদ্ধিৰ উদ্দেশ্যে এই প্ৰচেষ্টা বিদ্যালয় কৰ্তৃপক্ষৰ। এই প্ৰচেষ্টাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলে পাব টকা-পইচা, গ্ৰাম, কিলোগ্ৰামৰ জ্ঞান দিয়াৰ চেষ্টা । সমান্তৰাল ভাৱে কেছলেছ প্রেমেণ্টৰ ধাৰণা আনিবলৈ বজাৰ খনত ব্যৱহাৰ কৰা হৈছে ডিজিটেল ইউ, পি, আই কিউ, আৰ ক’ড। কণ কণ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰিচালিত অকণিৰ বজাৰখনত দলগাঁও শিক্ষা খণ্ডৰ অন্তৰ্গত কৌপাটী মণ্ডল সমল কেন্দ্ৰৰ ১০ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

Leave A Reply