Breaking

ধুবুৰীত এগৰাকী চিত্ৰ শিল্পীয়ে ইলেকট্ৰনিক সামগ্ৰীৰে নিৰ্মাণ কৰি উলিয়াইছে এটা ব্যতিক্ৰমী প্ৰতিমা

0 2,037

 ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ বিভিন্ন পূজা কমিটিৰ লগতে দিনে নিশাই প্ৰতিমা নিৰ্মাণত ব্যস্ত বিভিন্ন মৃৎ শিল্পী আৰু খনিকৰ সকল। সমান্তৰাল ভাৱে নিজৰ প্ৰতিভা প্ৰকাশকলৈ ব্যস্ত একাংশ চিত্ৰ শিল্পী। ধুবুৰীৰ এইগৰাকী বিশিষ্ট চিত্ৰ শিল্পীৰ প্ৰদীপ কুমাৰ ঘোষ। বিগত দিনত প্ৰতিবাৰেই দুৰ্গাপূজাত এটা এটা ব্যতিক্ৰমী প্ৰতিমা নিৰ্মাণ কৰি বিশেষ ভাৱে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বিগত দিনত চাবন, পেলনীয়া প্লাষ্টিকৰ বটল, পাচলি, টিউব, কুঁহিয়াৰ পেলনীয়া জাৱৰ আদি বিভিন্ন সামগ্ৰীৰে ব্যতিক্ৰমী প্ৰতিমা নিৰ্মাণ কৰি আহিছে চিত্ৰ শিল্পী প্ৰদীপ কুমাৰ ঘোষে। এইবেলিও চিত্ৰ শিল্পী গৰাকীয়ে এইদৰে টিউবলাইট, বাল্প, তাৰ আদিকৰি ইলেকট্ৰনিক বিভিন্ন সামগ্ৰীৰে নিৰ্মাণ কৰি উলিয়াইছে এই ব্যতিক্ৰমী প্ৰতিমা। ধুবুৰীৰ সবুজ সংঘ ক্লাৱৰ পূজা মণ্ডপত প্ৰদৰ্শিত হব এই প্ৰতিমা। উল্লেখ্য যে, এইদৰে ব্যতিক্ৰমী প্ৰতিমা নিৰ্মাণ কৰি আচাম বুক অফ ৰেকৰ্ড বা ইণ্ডিয়া বুক অফ ৰেকৰ্ডত  নাম অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য চিত্ৰ শিল্পী প্ৰদীপ কুমাৰ ঘোষৰ।

Leave A Reply